অসমৰাজনৈতিক

অভিলেখ ৰচিলে বিজেপিয়ে, নিৰ্বাচনী প্ৰচাৰত সৰ্বাধিক ব্যয় কৰি বিজেপিৰ চমক…

নিৰ্বাচনৰ বাতৰি প্ৰকাশ কৰিবৰ বাবে ৰাজ্যৰ প্ৰায় ২০ খন বাতৰি কাকত, প্ৰায় ১২ টা বৈদ্যুতিন সংবাদ মাধ্যম, চৰকাৰী প্ৰচাৰ মাধ্যম, একেলগে ভোটাৰক ম'বাইল দিয়া এছ এম এছ, কেবল, ৱেবছাইট, আদি প্ৰতিষ্ঠানক দিয়া বিজ্ঞাপনৰ ব্যয়ৰ বাবদ ২ কোটি ১৮ লাখ ৮ হাজাৰ ২৮৭ টকা ব্যয় কৰিছিল ৰাজ্যিক বিজেপিয়ে।

নিৰ্বাচনী ব্যয়ৰে অভিলেখ ৰচিলে বিজেপিয়ে। ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যিক বিজেপিয়ে লাভ কৰিছিল লাখ টকাৰ বৰঙণি। ৰাজ্যিক বিজেপিৰ লগতে, জিলা বিজেপি আৰু স্থানীয় কমিটীয়ে কেন্দ্ৰৰ পৰা লাভ কৰিছিল প্ৰায় ২৮ কোটি টকাৰ বৰঙণি।

ইতিমধ্যে, নিৰ্বাচন আয়োগক বিজেপিৰ ৰাষ্ট্ৰীয় আয়োগে দাখিল কৰিছে নিৰ্বাচনী ব্যয়ৰ তালিকা। নিৰ্বাচনৰ সময়ত বেংক ড্ৰাফটযোগে ৰাজ্যিক বিজেপিৰ বেংক একাউণ্টত জমা হৈছিল ২৭ কোটি ৫৯ লাখ ৫৯ হাজাৰ ২২৬ টকা।

চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহতে অনুষ্ঠিত হৈছিল অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ নিৰ্বাচন। বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে খৰচ কৰিছিল অভিলেখ পৰিমাণৰ টকা। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে ৰাজ্যিক বিজেপিয়ে নেতাসকলৰ পৰিবহন ব্যয়, বেনাৰ-পোষ্টাৰ, গেট, হৰ্ডিং, সমদল, বিজ্ঞাপন আদিত আনুষ্ঠানিকভাৱে ব্যয় কৰিছিল ১৯ কোটি ২১ লাখ ৩৪ হাজাৰ ২৬১ টকা। ইয়াৰে শীৰ্ষ নেতাৰ পৰিবহনৰ নামত ব্যয় হৈছিল ৯ কোটি ৯৯ লাখ ৪৭ হাজাৰ ৫৩৪ টকা। আনহাতে, ৰাজ্যিক বিজেপিৰ আন নেতাৰ পৰিবহন ব্যয় ১ কোটি ৫৩ লাখ ৭৭ হাজাৰ ১১১ টকা।

নিৰ্বাচনৰ বাতৰি প্ৰকাশ কৰিবৰ বাবে ৰাজ্যৰ প্ৰায় ২০ খন বাতৰি কাকত, প্ৰায় ১২ টা বৈদ্যুতিন সংবাদ মাধ্যম, চৰকাৰী প্ৰচাৰ মাধ্যম, একেলগে ভোটাৰক ম’বাইল দিয়া এছ এম এছ, কেবল, ৱেবছাইট, আদি প্ৰতিষ্ঠানক দিয়া বিজ্ঞাপনৰ ব্যয়ৰ বাবদ ২ কোটি ১৮ লাখ ৮ হাজাৰ ২৮৭ টকা ব্যয় কৰিছিল ৰাজ্যিক বিজেপিয়ে।

নিৰ্বাচনী প্ৰচাৰৰ সামগ্ৰী যেনে পোষ্টাৰ, বেনাৰ, টুপি, হৰ্ডিং আদিৰ বাবদ ব্যয় কৰা হৈছিল ২ কোটি ৯১ লাখ ১১ হাজাৰ ৪৫৮ টকা। ৰাজহুৱা সভাৰ নামত ব্যয় কৰা হৈছিল ১ কোটি ৫৫ লাখ ৯ হাজাৰ ৮৭১ টকা। ইয়াৰ বাহিৰে নিৰ্বাচনৰ সময়ত অন্যান্য প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিয়ে খৰচ কৰিছিল ৬০ লাখ টকা। এইদৰে ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিয়ে ব্যয় কৰিছিল মুঠ ১৯ কোটি ২১ লাখ ৩৪ হাজাৰ ২৬১ টকা।

কেৱল এয়াই নহয়, নিৰ্বাচনৰ সময়ত ৰাজ্যিক বিজেপিয়ে দলৰ প্ৰাৰ্থীক দিছিল ২১ কোটি টকা। আনুষ্ঠানিকভাৱে বিজেপিয়ে যদিও নিৰ্বাচনৰ সময়ত ব্যয় হোৱা টকাৰ পৰিমাণ ঘোষণা কৰিছে, অনানুষ্ঠানিকভাৱে বিজেপিয়ে কিমান টকা খৰচ কৰিছিল সেয়া এতিয়াও সকলোৰে অজ্ঞাত। যি কি নহ’লেও নিৰ্বাচনৰ সময়ত অত্যাধিক টকা খৰচ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বিজেপি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.