Government Schemeঅপৰাধঅসম

শিক্ষকৰ ভয়ত স্কুল এৰিলে ছাত্ৰই! ক’ৰ এই ঘটনা চাওঁক…

'চেকণিৰ আগত বিদ্যা' এসময়ত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এয়া চিৰাচৰিত ধাৰণা আছিল যদিও এই ধাৰণা কেতিয়াবাই অতীত হ'ল

লঘু দোষত গুৰুদণ্ড ছাত্ৰক, অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভূক্তভোগী ছাত্ৰৰ পৰিয়ালৰ। ‘চেকণিৰ আগত বিদ্যা’ এসময়ত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এয়া চিৰাচৰিত ধাৰণা আছিল যদিও এই ধাৰণা কেতিয়াবাই অতীত হ’ল।

চেকণিৰ আগেৰে বিদ্যা প্ৰদান কৰিবলৈ যোৱাটো এতিয়া দণ্ডযোগ্য অপৰাধ। তথাপিও একাংশ শিক্ষকে এতিয়াও পাহৰিব পৰা নাই পূৰ্বৰ ধাৰণাক।

সেয়েহে শিক্ষকৰ হাতত ছাত্ৰ প্ৰহৃত হোৱাৰ বাতৰি এতিয়াও শুনা যায়। তেনে এক ঘটনাই সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ১ নং খামাৰ পাৰা প্ৰাথমিক বিদ্যালয়ত। বিদ্যালয় খনৰ এজন শিক্ষকৰ নিৰ্মম প্ৰহাৰৰ বাবেই তৃতীয় শ্ৰেণীৰ কণমানি ছাত্ৰ এজনে বিদ্যালয় এৰিব লোৱা হোৱাৰ অভিযোগ উঠিছে।

ছাত্ৰজনৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি কিছুদিন পূৰ্বে বিদ্যালয় খনৰ সহকাৰী শিক্ষক পত্নেশ্বৰ পাঠকে নাম মাত্ৰ দোষতেই ছাত্ৰ জনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। শিক্ষকজনৰ প্ৰহাৰত কণমানি ছাত্ৰজন শাৰীৰিক ভাৱে আঘাত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষাপৰে যদিও মানসিক ভাৱে অত্যন্ত ভীতিগ্ৰস্ত হৈ পৰে। ছাত্ৰজনে পুনৰ বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত পৰিয়ালে ছাত্ৰজনক বিভিন্ন ধৰনে বুজনি দিয়ে যদিও কোনো ফল নধৰাত পৰিয়ালে উপায়ন্তৰহৈ ঘৰৰ পৰা কিছু নিলগৰ অইন এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰজনৰ নাম ভৰ্তি কৰি দিয়ে।

ছাত্ৰজনক এনেদৰে নিলগৰ বিদ্যালয়ত নাম ভৰ্তি কৰাই দিব লগা হোৱাত আৰ্থিকভাৱে অত্যন্ত দূৰ্বল পৰিয়ালটো সমস্যাত পৰিছে। পৰিয়ালটোৱে অভিযোগ কৰা মতে যি পৰিস্থিতিতেই নহওক ছাত্ৰজনক শাস্তি প্ৰদান কৰাৰ পিছত বিদ্যালয় খনৰ কোনো শিক্ষকে খৱৰ লৈ ছাত্ৰজনক বুজনি দিলে হয়তো অনাহুত এনে পৰিস্থিতিৰ পৰা ৰক্ষা পোৱা গ’লহেতেন। কিন্ত্ত বিদ্যালয়ৰ কোনো শিক্ষকৰেই খৱৰ লবলৈ আহৰি নহ’ল।

ফলত ছাত্ৰজনৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালে আতৰৰ বিদ্যালয়ত ছাত্ৰজনৰ নাম ভৰ্তি কৰাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয় খনৰ শিক্ষক সকলৰ এনে স্থিতিয়ে ক্ষোভিত কৰি তোলা পৰিয়ালটোৱে ছাত্ৰজনক অমানুষিক প্ৰহাৰ কৰা শিক্ষক পত্নেশ্বৰ পাঠকৰ বিৰুদ্ধে বিভাগীয় নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আনহাতে, ছাত্ৰজনক প্ৰহাৰ কৰা বুলি অভিযোগ উঠা শিক্ষকজন অসম সত্ৰ মহাসভাৰ বঙাইগাঁও জিলা সমিতিৰো সভাপতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Check Also
Close
Back to top button