Socialঅসম

পদপথৰ ব্যৱসায়ীসকললৈ সুখবৰ, বিশেষ আঁচনিৰ অধীনত চলিত মাহতে লাভ কৰিব ১০০% ঋণ

এই আচঁনি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ , আৰু ১০হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ২০হাজাৰ টকা। ২০হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০হাজাৰ টকা।

অসমৰ ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীলৈ ভাল খবৰ। খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা।

ক’ভিড কালত ক্ষতিগ্ৰস্ত হৈ প্ৰধানমন্ত্ৰীৰ SVANidhiত ঋণৰ বাবে আৱেদন কৰা ৪০ হাজাৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত লাভ কৰিব ১০০% ঋণ। বৰ্তমানলৈকে চৰকাৰে ৪০ হাজাৰ ব্যৱসায়ীৰ আৱেদন লাভ কৰিছে আৰু ইয়াৰে ১৭ হাজাৰক ইতিমধ্যে দিয়া হৈছে ঋণ।

এই আচঁনি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ , আৰু ১০হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ২০হাজাৰ টকা। ২০হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত ব্যৱসায়ীয়ে লাভ কৰিব ৫০হাজাৰ টকা।

আজি মুখ্যমন্ত্ৰীয়ে বেংকাৰ আৰু Executive officer সকলৰ সৈতে মিলিত হয় এখন বৈঠকত। এই বৈঠকতে ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, বৰ্তমানলৈকে অসমত ১০ হাজাৰ টকাৰ ঋণ পোৱা ৮০০ ব্যৱসায়ীয়ে ইতিমধ্যে ঘূৰাই দিছে ঋণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 7 =

Back to top button