চৌদি আৰৱদুৰ্ঘটনাভাৰত

দাউ‌ দাউকৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ

৪২ গৰাকী‌ ভাৰতীয় জীৱন্তে অগ্নিদগ্ধ

তেতিয়া নিশা ১ বাজি ৩০ মিনিট। মক্কাৰ পৰা মদিনালৈ ভাৰতৰ উমৰাহ তীৰ্থযাত্ৰীক কঢ়িয়াই নিছিল এখন বাছে। বাছখন মুফ্ৰিহাত নামৰ এখন ঠাইত উপস্থিত হৈছিল। টোপনিত লালকাল যাত্ৰী। সেই ঠাইডোখৰতে অভিশপ্ত বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষৰ সুত্ৰপাত হৈছিল এখন ডিজেল ভৰ্তি টেংকাৰৰ। মৰ্মান্তিক…… নিমিষতে সমগ্ৰ বাছখনক জুইয়ে গ্ৰাস কৰি পেলাইছিল মূহুৰ্ততে বিস্ফোৰণ হৈছিল বাছখন। শুই থকা অৱস্থাত জীৱন্তে অগ্নিদগ্ধ হয় ৪২ জন যাত্ৰী। টোপনিত লালকাল হৈ থকাৰ বাবে বাছখনৰ যাত্ৰীসকলে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে। মৃত্যু হোৱা লোকৰ ভিতৰত আছিল ১১গৰাকী মহিলা আৰু ১০ টি শিশু। নিহতৰ অধিকাংশই হায়দৰাবাদৰ।

দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মহম্মদ আব্দুল ছৈয়ব নামৰ এজন লোকৰ। ইতিমধ্যে অগ্নিদগ্ধ মৃতদেহসমূহ চিনাক্ত প্ৰক্ৰিয়া চলি আছে। নিহতসকলৰ প্ৰায়ভাগেই হায়দৰাবাদৰ বাসিন্দা। ইতিমধ্যে তেলেংগানা চৰকাৰে ৰিয়াধৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি আছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱণ ৰেড্ডী আৰু বিদেশমন্ত্ৰী এছ. জয় শংকৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। মৃতদেহসমূহ ভাৰতলৈ আনি পৰিয়ালক অৰ্পণ কৰাৰ সকলো ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। নিহতসকল হায়দৰাবাদৰ মাল্লেপল্লি এলেকাৰ বুলি নিশ্চিত কৰা হৈছে। উল্লেখ্য যে, মক্কাত ধৰ্মীয় ৰীতি নীতিৰে প্ৰাৰ্থনা কৰি মদিনালৈ উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.