অপৰাধঅসমৰাজনৈতিক

এসময়ৰ আলফা তথা অপহৰণকাৰী এতিয়া বিজেপিৰ নেতা

কাৰ ছত্ৰছাঁয়াত সুৰক্ষিত ?

১৯৯৩ চনৰ সংঘটিত হৈছিল এক অপহৰণৰ ঘটনা। খেৰণীৰ পৰা অপহৰণ কৰা হৈছিল কানহায়ালাল গুপ্তা নামৰ এজন ৰে’লৱেৰ ঠিকাদাৰক। ২০০১ চনত এই গোচৰটোৰ অভিযোগনামা দাখিল কৰা হৈছিল। গোচৰটোৰ অন্যতম অভিযুক্ত আছিল সেই সময়ৰ আলফাৰ উপ প্ৰধান দৃষ্টি ৰাজখোৱা। ২০২৩ বৰ্ষত আত্মসমৰ্পণ কৰিছিল দৃষ্টি ৰাজখোৱাই। আজি গোচৰটোৰ সন্দৰ্ভত টাডা আদালতত আত্মসমৰ্পণ কৰে ৰাজখোৱাই। ৰাজখোৱাই আদালতক অৱগত কৰে যে গোচৰটোৰ সন্দৰ্ভত তেওঁ কোনো গ্ৰেপ্তাৰী পৰোৱান লাভ কৰা নাই। যাৰ বাবে টাডা আদালতে ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে ।এই কথা সদৰী কৰে ৰাজখোৱাৰ অধিবক্তা বিজন মহাজনে। উল্লেখযোগ্য় যে, বৰ্তমান বি জে পি ৰ নেতা দৃষ্টি ৰাজখোৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.