দুৰ্ঘটনা

লাডাখত শোকাৱহ ঘটনা, মৃত্যুক সাবটিলে ৭জন সেনা জোৱানে…

আটাইকেইজনকে ততাতৈয়াকৈ পাৰ্তাপুৰৰ ফিল্ড হাস্পতাললৈ লৈ যোৱা হয় যদিও আঘাতৰ বাবে মৃত্যুমুখত পৰে ৭ জন জোৱান। আনহাতে, অধিক গুৰুতৰভাৱে আগাতপ্ৰাপ্ত লোকক পশ্চিম কমাণ্ডলৈ স্থানান্তৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বায়ুসেনাৰ।

লাডাখৰ টুৰুকত অঘটন। শুকুৰবাৰে, টুৰুকত সংঘটিত হোৱা বাহন দুৰ্ঘটনাত মৃত্যুক সাবটিলে সাতজন সেনা জোৱানে, আনহাতে, গুৰুতৰভাৱে আহত কেইবাজনো জোৱান।

 

সেনাৰ তথ্য অনুসৰি, শুকুৰবাৰে, পাৰ্তাপুৰৰ ট্ৰেনজিট কেম্পৰ পৰা ওলাই গৈছিল ২৬জন সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন। কিন্তু দুৰ্ভাগ্যবশতঃ পথৰ পৰা পিছলি শ্বিয়ক নৈত বাগৰি পৰে বাহনখন। নৈৰ গভীৰতাত বাহনখন সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আটাইকেইজন জোৱান।

 

আটাইকেইজনকে ততাতৈয়াকৈ পাৰ্তাপুৰৰ ফিল্ড হাস্পতাললৈ লৈ যোৱা হয় যদিও আঘাতৰ বাবে মৃত্যুমুখত পৰে ৭ জন জোৱান। আনহাতে, অধিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক পশ্চিম কমাণ্ডলৈ স্থানান্তৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বায়ুসেনাৰ।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

18 − 4 =

Back to top button