অসমমনোৰঞ্জন

কণ্ঠশিল্পী গীতালি দেৱীৰ বিয়া। গীতালিৰ হাতত জিলিকিল কাৰ নামৰ মেহেন্দী!

তিনিচুকীয়াৰ বোৱাৰী হ'ব গীতালি

যুগ্মজীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে। তিনিচুকীয়াৰ বোৱাৰী হ’ব গীতালি। জীৱনৰ দ্বিতীয় ইনিংছত একেলগে ভৰি দিলে সুমিত সাগৰৰ সৈতে। দুয়ো দুয়োকে দিলে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি।

পেছাত সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ সুমিত সাগৰৰ ঘৰ তিনিচুকীয়াত। সামাজিক মাধ্যমত মেহেন্দী আৰু বাগদানৰ ফটো শ্বেয়াৰ কৰি গীতালিয়ে বিচাৰিলে ৰাইজৰ মৰম আৰ্শীবাদ। ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি তেওঁ লিখিলে, ‘মোৰ মেহেন্দী পৰ্ব আৰু বাগদান অনুষ্ঠানৰ কিছু মুহূৰ্ত ইয়াতে সাঁচি ৰাখিলোঁ। আপোনালোকে মৰম আৰু আৰ্শীবাদ কৰিব যাতে আমাৰ ভৱিষ্যত যুগ্ম জীৱন মেহেন্দীৰ ৰঙৰ দৰে ৰঙীন হৈ পৰে ।’

 

সামাজিক মাধ্যমযোগেই অনুৰাগীসকলে দুয়োলৈ জনালে অভিনন্দন। কণ্ঠশিল্পী গীতালি দেৱী আৰু সংগীত পৰিচালক সুমিত সাগৰলৈ আমাৰ ‘প্ৰথম খবৰৰ’ পৰিয়ালৰ তৰফৰ পৰা থাকিল অশেষ শুভকামনা।

 

View this post on Instagram

 

A post shared by Gitalii (@gitalii.devi)

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − four =

Back to top button