AssamElectionSocialঅসমৰাজনৈতিক

পঞ্চায়ত নিৰ্বাচন

মহিলাৰ বাবে কিমানখন আসন সংৰক্ষিত?

দিন ঘোষণাৰ লগে-লগেই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী ৰণডংকা বাজি উঠিছে। শাসক-বিৰোধী প্ৰত্যেকৰে নিৰ্বাচনী প্ৰস্তুতিৰ পৰীক্ষাৰ সময় পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি চলিছে পৰ্যালোচনা। পঞ্চায়ত নিৰ্বাচনৰ  মনোনয়ন প্ৰক্ৰিয়াও হৈছে আৰম্ভ। অহা ১২ এপ্ৰিল মনোনয়ন বৈধতাৰ পৰীক্ষাৰ দিন। দুটা পৰ্যায়ত হব পঞ্চায়ত  নিৰ্বাচন। উজনি অসম আৰু বৰাক উপত্যকাত প্ৰথম পৰ্যায়ত হ’ব ভোটগ্ৰহণ।  প্ৰথম পৰ্যায়ত তিনিচুকীয়া,  ডিব্ৰুগড়,  চৰাইদেউ, শিৱসাগৰ,  মাজুলী,  যোৰহাট,  গোলাঘাট, ধেমাজী,  লখিমপুৰ,  শোণিতপুৰ,  বিশ্বনাথ,  কাছাৰ, হাইলাকান্দি,  শ্ৰীভূমিত হ’ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত মধ্য আৰু নামনি অসমত । দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ’ব ধুবুৰী,  দক্ষিণশালমাৰা,  মানকাচাৰ,  গোৱালপাৰা  ,বঙাইগাওঁ,  বৰপেটা,  বজালী  ,নলবাৰী,  কামৰূপ,  কামৰূপ মহানগৰ,  হোজাই, নগাওঁ, মৰিগাওঁ দৰঙত । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২ মে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে। ১১ এপ্ৰিলৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন। ১কোটি ৮০ লাখ, ৩৬ হাজাৰ ৬৮২ ভোটাৰ আছে এইবাৰ। যোৱাবাৰৰ তুলনাত বৃদ্ধি পাইছে ১৩.২৭% ভোটাৰ।  থাকিব ২৫০০৭ পলিং ষ্টেচন। ১লাখ ২০ লাখ নিৰ্বাচনী বিষয়া জঢ়িত হব এই নিৰ্বাচনত। ৬ষ্ঠ অনুসূচি এলেকাত নহয় নিৰ্বাচন। ৮৮ জন পৰ্যবেক্ষক নিযুক্ত কৰা হৈছে ২৭ খন জিলাৰ বাবে। গাঁও পঞ্চায়তত দলীয় চিহ্ন নাথাকিব।  দলীয় চিহ্নৰ বিপৰীতে অন্য চিহ্ন থাকিব, যিটো নিৰ্বাচন আয়োগে ঠিক কৰি দিব। মহিলাৰ বাবে থাকিব ৫০% আসন সংৰক্ষণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.