অসমসাহিত্য

মামণি বাইদেউৰ মুখৰ কথাই সঁচা হ’ল, ২১ বছৰৰ পিছত জ্ঞানপীঠ বঁটাৰে সন্মানিত হ’ল জাতীয় কবি নীলমণি ফুকন

১৯৮১ চনত সাহিত্য অকাডেমি বঁটা, ১৯৯০ চনত পদ্মশ্ৰী সন্মান, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰে বিভূষিত নীলমণি ফুকনক ২০১৯ চনৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে 'ডি লীট' উপাধি।

দুটা দশকৰ পিছত অসমীয়া সাহিত্য জগতলৈ আহিল সুখবৰ। অৱশেষত বহু বছৰৰ বিৰতিৰ পিছত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ কথাই বাস্তৱত পৰিণত হ’ল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামীৰ পিছতে জীৱনজোৰা সাধনাৰ বাবে কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ল ২০২১ বৰ্ষৰ ভাৰতীয় জ্ঞানপীঠ বঁটা।

১৯৩৩ চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল অসমীয়া কবি, সমালোচক, সাহিত্যিক, অধ্যাপক নীলমণি ফুকনে। সৰুৰে পৰা সাহিত্যৰ প্ৰতি আগ্ৰহী নীলমণি ফুকনৰ কলমেৰে নিগৰিছিল ইটোৰ পিছত সিটো কবিতা, ৰচনা। ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘গোলাপী জামুৰ লগ্ন’ৰ স্ৰষ্টা নীলমণি ফুকনৰ সাহিত্যৰাজিৰ বিষয়ে কোনো অপৰিচিত নহয়। কিয়নো তেখেতৰ সাহিত্যত আছে অন্য এক মাদকতা। তেওঁৰ প্ৰতিটো শব্দই কঢ়িয়ায় জীৱনৰ কাহিনী।

১৯৮১ চনত সাহিত্য অকাডেমি বঁটা, ১৯৯০ চনত পদ্মশ্ৰী সন্মান, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰে বিভূষিত নীলমণি ফুকনক ২০১৯ চনৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে ‘ডি লীট’ উপাধি।

৭ ডিচেম্বৰ, মঙলবাৰ দিনটো অসমীয়া সাহিত্যজগতৰ বাবে এটি ভাল দিন। কিয়নো আজিৰ দিনটোতে সম্পূৰ্ণ ২১ বছৰৰ পিছত অসমীয়া সাহিত্যিকলৈ প্ৰদান কৰা হৈছে সাহিত্য জগতৰ এক বিশেষ সন্মান-ভাৰতীয় জ্ঞানপীঠ বঁটা ২০২১। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামীৰ পিছতে অসমৰ তৃতীয়গৰাকী ব্যক্তি কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে এই বঁটা।

উল্লেখ্য যে, ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা মামণি ৰয়ছম গোস্বামীয়ে বহু পূৰ্বেই কৈ গৈছিল-“মই আজিয়েই কৈ থ’লো, অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ কাৰণে পাব”। সেই কথাই আজি সঁচা হ’ল।

মামণি বাইদেউৰ মুখৰ কথাই সঁচা হ'ল, ২১ বছৰৰ পিছত জ্ঞানপীঠ বঁটাৰে সন্মানিত হ'ল জাতীয় কবি নীলমণি ফুকন

সাহিত্যপ্ৰেমীক ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ১৯৬৩, ‘নিৰ্জনতাৰ শব্দ’, ১৯৬৫, ‘আৰু কি নৈঃশব্দ্য’, ১৯৬৮, ‘জাপানী কবিতা’, ১৯৭১, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’, ১৯৭৩, ‘কাঁইট গোলাপ আৰু কাঁইট’, ১৯৭৫, ‘গোলাপী জামুৰ লগ্ন’, ১৯৭৭, ‘কবিতা’, ১৯৮০ আদিৰ দৰে সোণসেৰীয়া কবিতাৰ লগতে অন্যান্য বহু ৰচনা উপহাৰ দিয়া কাব্যঋষি নীলমণি ফুকনলৈ আমিও জনাইছো অলেখ শুভকামনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button