অপৰাধঅসম

পূৰ্বে বিধায়কক দিছিল ধমক! এইবাৰ নিজৰ প্ৰেমিককে গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম SI জোনমণিয়ে

নিজকে অ'এনজিচিৰ চাকৰিয়াল বুলি পৰিচয় দি মহিলা আৰক্ষী বিষয়াৰে প্ৰেমৰ সম্পৰ্ক গঢ়া ৰাণা প'গাগ নামৰ এটা হাই প্ৰফাইল প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।

নিজকে অ’এনজিচিৰ চাকৰিয়াল বুলি পৰিচয় দি মহিলা আৰক্ষী বিষয়াৰে প্ৰেমৰ সম্পৰ্ক গঢ়া ৰাণা প’গাগ নামৰ এটা হাই প্ৰফাইল প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।

নাম জোনমণি ৰাভা। অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক। বহুতৰে হয়তো মনত আছে SI জোনমণি ৰাভাক। কিছুদিন পূৰ্বে এগৰাকী বিধায়কক উভতি ধৰাৰ এক অডিঅ’ ক্লিপক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল জোনমণি।

এইগৰাকী উপ-পৰিদৰ্শক জোনমণি ৰাভা পুনৰ চৰ্চালৈ আহিছে। অন্যায়-অনিয়মৰ বিৰুদ্ধে সাহসেৰে মাত মতা জোনমণি এইবাৰ চৰ্চালৈ আহিছে নিজৰ হ’বলগীয়া প্ৰৱঞ্চক স্বামীক গ্ৰেপ্তাৰ কৰি।

উল্লেখ্য় যে মাজুলীৰ ৰাণা প’গাগ নামৰ যুৱকজনে নগাঁও সদৰ আৰক্ষী থানাত কৰ্মৰত মহিলা উপ-পৰিদৰ্শক জোণমণি ৰাভাৰ সৈতে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।

জোণমণি ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙঠিও পিন্ধাইছিল। কিন্তু ৰাণা অ’এনজিচিৰ বিষয়াৰ সলনি ওলাল এটা হাই প্ৰফাইল প্ৰৱঞ্চক।

আনহাতে বহু লোকক প্ৰৱঞ্চনা কৰাৰ কথা জনাৰ পিচত সোমবাৰে ৰাণা প’গাগক আৱদ্ধ কৰি নগাঁও আৰক্ষীক গতাই দিয়ে জোণমণি ৰাভাই।

আৰক্ষীয়ে জোণমণিৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে। ৰাণা প’গাগৰ পৰা আৰক্ষীয়ে অ’এনজিচিৰ বহু নকল ছীল-মোহৰ জব্দ কৰিছে।

ইফালে, মিছা কথা কৈ সম্পৰ্কত সোমোৱা প্ৰৱঞ্চক প্ৰেমিকক জোনমণিয়ে খুৱালে ৰঙাঘৰৰ ভাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − five =

Back to top button