leatest updateভাৰত

নিয়ন্ত্ৰণৰ বাহিৰত মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি।

মণিপুৰৰ শেহতীয়া ঘটনাৰ পিছতে মিজোৰামতো উত্তেজনা।

পুনৰ অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি। যুৱতী ধৰ্ষণ আৰু হত্যাৰ ভিডিঅ’ ভাইৰেলৰ পিছতে অগ্নিগৰ্ভা। শনিবাৰে নিশা চুৰাচান্দপুৰ আৰু ইম্ফলৰ সমীপত পুনৰ গুলীয়াগুলি। কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত গুলীয়াগুলিৰ ঘটনা। বিষ্ণুপুৰৰ থ’ৰবুং এলেকাত অগ্নিসংযোগৰ ঘটনা। এখন বিদ্যালয় আৰু কেইবাটাও বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ।

মণিপুৰৰ শেহতীয়া ঘটনাৰ পিছতে মিজোৰামতো উত্তেজনা। মিজোৰামলৈ পলায়ন কৰা ১০ সহস্ৰাধিক মেইটেইৰ পলায়ন আৰম্ভ। গোষ্ঠী সংঘৰ্ষত মিজোৰামত আশ্ৰয় লৈছিল মেইটেই জনগোষ্ঠীৰ লোকে। মিজোৰামত MNF ৰিটাৰ্ণিজ সংঘৰ সতৰ্কতাৰ পিছত পলায়ন মেইটেৰ। মিজোৰামত মেইটেই জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে মোতায়েন সেনা। নিয়ন্ত্ৰণৰ বাহিৰত মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি ।

পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মণিপুৰত উপস্থিত মহিলা আয়োগৰ দল। দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱাল উপস্থিত মণিপুৰত। ৪ মে’ত ২ যুৱতীক বিৱস্ত্ৰ কৰি হত্যা কৰা ঘটনাৰ পিছত পুনৰ ন ন তথ্য পুহৰলৈ আহিছে। আন দুগৰাকী যুৱতীকো উন্মত্ত দলে ধৰ্ষণ কৰি হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াভাৱে ভিডিঅ’ ভাইৰেল হোৱাক লৈ অস্থিৰ হৈ পৰিছে মণিপুৰ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.