AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিবোলছবিভাৰতশিল্পীসংগীতসংস্কৃতিসাহিত্য

মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে

ভূপেন উজীৰে বিগত এক জানুৱাৰী পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ কেবামাহৰ পৰা হৃদৰোগ আৰু বৃক্ক ৰোগত ভুগি থকা শিল্পী গৰাকীক সময়ে-সময়ে চিকিৎসা আগবঢ়াই থকা হৈছিল যদিও এক জানুৱাৰীত তেওঁৰ স্বাস্থ্য গুৰুত্বৰ ভাৱে অৱনতি ঘটাত সেইদিনাই ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

মঙ্গলবাৰে নিশা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ সংগীত শিল্পী, সংগীত পৰিচালক আৰু শব্দ অভিযন্তা ভূপেন উজীৰে। তেওঁ ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

ভূপেন উজীৰে বিগত এক জানুৱাৰী পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ কেবামাহৰ পৰা হৃদৰোগ আৰু বৃক্ক ৰোগত ভুগি থকা শিল্পী গৰাকীক সময়ে-সময়ে চিকিৎসা আগবঢ়াই থকা হৈছিল যদিও এক জানুৱাৰীত তেওঁৰ স্বাস্থ্য গুৰুত্বৰ ভাৱে অৱনতি ঘটাত সেইদিনাই ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে এই প্ৰসিদ্ধ শিল্পী গৰাকীৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ গৃহ চহৰ যোৰহাটত। ভূপেন উজীৰ ১৯৫৩ চনৰ ৫ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা যোৰহাটত গ্ৰহণ কৰাৰ পাছত গুৱাহাটী কমাৰ্চ কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা সমাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত সম্পাদক হিচাপেও কম জীৱনৰ পাতনি মেলিছিল। আৰম্ভণিতে গুৱাহাটীত অট’ৰিক্সা চলাই জীৱন সংগ্ৰাম আৰম্ভ কৰা শিল্পী গৰাকীয়ে কিছুদিন ভাৰতীয় খাদ্য নিগমত চাকৰি কৰিছিল। পাছলৈ সংগীতেই তেওঁৰ জীৱনৰ পেছা হিচাপে বাছি লয়। যিসময়ত অসমত চাউণ্ড ৰেকৰ্ডিং ষ্টুডিঅ’ৰ অভাৱ আছিল, সেই সময়ত ভূপেন উজীৰে তেওঁৰ একক প্ৰচেষ্টাৰে গুৱাহাটীত গঢ়ি তুলিছিল ষ্টুডিঅ’ অ’ডিটেক। এগৰাকী সুদক্ষ সংগীত পৰিচালক ৰূপেই নহয়, ৰাজ্যৰ এগৰাকী আগশাৰীৰ শব্দ অভিযন্তা হিচাবেও পৰিচিত আছিল ভূপেন উজীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 5 =

Back to top button