Assamleatest updateWild lifeঅসমআঞ্চলিকজন্তুদৈনিক বাতৰিপৰিৱেশপৰ্যটনবন্যপ্ৰাণী

দেশী বিদেশী পৰ্যটকক অধিক আকৰ্ষণ কৰাৰ লক্ষ্যৰে গিৱন অভয়াৰণ্যত আয়োজন কৰা হৈছে প্ৰাইমেট মিট ২০২৪

গিৱন ইক’ কেম্প, দিশ, নিবন্ধ নামৰ কেইবাটাও সংগঠনৰ উদ্যোগত আৰু সহযোগত গিৱন অভয়াৰন্যত এই প্ৰাইমেট মিট ২০২৪ আয়োজন কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীয়ে অহা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান

মৰিয়নিৰ গিৱন অভয়াৰণ্যক দেশী বিদেশী পৰ্যটকৰ লগতে জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে প্ৰাইমেট মিট ২০২৪। গিৱন ইক’ কেম্প, দিশ, নিবন্ধ নামৰ কেইবাটাও সংগঠনৰ উদ্যোগত আৰু সহযোগত গিৱন অভয়াৰন্যত এই প্ৰাইমেট মিট ২০২৪ আয়োজন কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচীয়ে অহা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

এই প্ৰাইমেট মিট অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী অনুসৰি চাইক্লিঙ, ফটো ৱাৰ্ক, ফটো প্ৰদৰ্শনী, গিৱনৰ ওপৰত ফটোগ্ৰাফী প্ৰতিযোগিতা, ছেমিনাৰ, সাংস্কৃতিক অনুষ্ঠান, কুইজ প্ৰতিযোগিতাকে ধৰি বহু কেইটা আকৰ্ষনীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্য সূচী সমূহত দেশী বিদেশী পৰ্যটক, ফটোগ্ৰাফাৰ, ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰিছে।
প্ৰথম দিনৰ কাৰ্যসূচীত বৰ্হি ৰাজ্যৰ কেইবাগৰাকী পৰ্যটকে অংশ গ্ৰহণ কৰি ফটো প্ৰৰ্দশনীত গিৱনৰ দুৰ্লভ মূৰ্হুতৰ ফটো প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে।আনহাতে শিল্পী সকলে কেনভাচত জীৱন্ত ৰূপত গিৱনক উপস্থাপন কৰিবলৈ কৰা চেষ্টা জনসাধাৰণৰ আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আনহাতে এই প্ৰাইমেট মিট অনুষ্ঠানত আজি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ গিৱন অভয়াৰণ্যৰ প্ৰচাৰৰ বাবে উদ্যোক্তা সকলে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Check Also
Close
Back to top button