Socialঅসম

অৱশেষত নিশা ২বজাত হিমন্ত বিশ্ব শৰ্মালৈ ফোন আহিল শ্বাহৰুখ খানৰ!

টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা ২ বজাত শ্বাহৰুখ খানে ফোন কৰাৰ কথা সদৰী কৰে।

বিশ্ববিখ্যাত অভিনেতা শ্বাহৰুখ খানৰ পাঠান এতিয়া সৰ্বত্তে চৰ্চা। চিনেমা পাঠান সন্দৰ্ভত গুৱাহাটীত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। বজৰং দলৰ নাৰেংগী আঞ্চলিক শাখাৰ উদ্যোগত নিকটৱৰ্তী চিনেমা গৃহত বৰ্জন কৰা হৈছিল চিনেমাখন। তাৰ পাছতেই এই সন্দৰ্ভত সংবাদ মাধ্যমে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰিছিল।

সংবাদ মেলত উত্থাপন হোৱা এই প্ৰশ্নটিৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে “শ্বাহৰুখ খান কোন? কিবা সমস্যা হ’লে শ্বাহৰুখে মোলৈ ফোন কৰিব” বুলি দিয়া মন্তব্যই চৰ্চা লাভ কৰিছিল স‍ামাজিক মাধ্যমত। ইয়াৰ পাছতেই ৰবিবাৰে ৰাতিপুৱা টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা ২ বজাত শ্বাহৰুখ খানে ফোন কৰাৰ কথা সদৰী কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.