অসম

প্ৰতিশ্ৰুতিবোৰ প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল, সপোনৰ ঘৰখন সজা নহ’ল প্ৰাৰ্থনা–বিতোপনৰ!

মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই প্ৰেয়সীক অন্তিম বিদায় দিলে প্ৰেমিকে

এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। হাতত হাত থৈ আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতি দিছিল দুয়ো। বহাগত বিয়াৰ দিন আছিল দুয়োৰ। কিন্তু হঠাৎ নিষ্ঠুৰ নিয়তীয়ে বিতোপনৰ জীৱনলৈ নমাই আনিলে অন্ধকাৰ। আশাবোৰ বুকুত বান্ধিয়ে অজান মুলুকলৈ গুচি গ’ল প্ৰাৰ্থনা।

শুকুৰবাৰে ৰহাৰ চাপৰমুখৰ কচুৱাত ঘটা এই ঘটনাই চকু সেমেকাই তুলিব আপোনাৰো। এক জটিল ৰোগৰ বলি হৈ অকালতে মৃত্যুক সাবতি লয় প্ৰাৰ্থনাই। মৃত প্ৰেয়সীৰ কপালত সেন্দুৰ পিন্ধাই প্ৰেয়সীক অন্তিম বিদায় দিলে প্ৰেমিক বিতোপনে। কেৱল সেন্দুৰেই নহয় প্ৰেমিকাক বৰমালা বিন্ধাই নিজেও পিন্ধিলে বৰমালা। মৃত্যুৰ পিছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। প্ৰেম কিমান গভীৰ আৰু পৱিত্ৰ হ’লে এনেদৰে প্ৰেয়সীক অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button