Internationalবিশ্ব
Trending

হ্ৰাস পাব ইন্ধনৰ দাম! বিশেষ পদক্ষেপৰ বাবে আমেৰিকা-ইৰাণক ধন্যবাদ শ্বেহবাজ শ্বৰীফৰ

দেওবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্টযোগে দাবী কৰে যে, ইৰাণৰ সৈতে তেওঁলোকৰ চুক্তি চূড়ান্ত হৈছে। পোষ্টটোত ট্ৰাম্পে লিখিছে যে, কোনো মাচুল নোহোৱাকৈ হৰমুজ প্ৰণালী মুকলি কৰাৰ সম্পূৰ্ণ অনুমোদন দিয়া হৈছে।

১০৭ দিনীয়া সংঘাতৰ অন্তত শান্তি চুক্তিৰ বাবে সাজু হৈছে আমেৰিকা আৰু ইৰাণ। শান্তি চুক্তিৰ খচৰা অনুসৰি মুকলি কৰা হ’ব হৰমুজ প্ৰণালী (Strait of Hormuz)। তাৰ পিছত ইৰাণৰ ওপৰত শিথিল কৰা হ’ব তেল নিষেধাজ্ঞা । ইয়াৰ পৰা সৰ্বাধিক উপকৃত হ’ব পাৰে ভাৰতৰ।হৰমুজ প্ৰণালী মুকলিৰ পিছতে হ্ৰাস পাব পাৰে ইন্ধনৰ দাম।

দেওবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্টযোগে দাবী কৰে যে, ইৰাণৰ সৈতে তেওঁলোকৰ চুক্তি চূড়ান্ত হৈছে। পোষ্টটোত ট্ৰাম্পে লিখিছে যে, কোনো মাচুল নোহোৱাকৈ হৰমুজ প্ৰণালী মুকলি কৰাৰ সম্পূৰ্ণ অনুমোদন দিয়া হৈছে। তেওঁ আমেৰিকাৰ নৌসেনাৰ অৱৰোধ তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ অনুমোদন দিয়াৰ কথাও উল্লেখ কৰে। অৱশ্যে ইৰাণৰ সৈতে হোৱা চুক্তিত অন্তৰ্ভুক্ত সবিশেষ তথ্য এই পোষ্টটোত উল্লেখ কৰা হোৱা নাই। লগতে এই ব্যৱস্থা কেতিয়া কাৰ্যকৰী হ’ব সেয়াও স্পষ্ট কৰা নাই। ইফালে ইৰাণে এই চুক্তিক সম্পূৰ্ণৰূপে নাকচো নাই যদিও ইৰাণে কয় যে, অধিক আলোচনাৰ পূৰ্বে আমেৰিকাই প্ৰথমে আস্থা প্ৰদৰ্শন কৰিব লাগিব।

চুক্তি সন্দৰ্ভত ইৰাণৰ তিনিটা দাবী

এই চুক্তি সন্দৰ্ভত ভাষণ দি ইৰাণৰ উপ-বৈদেশিক মন্ত্ৰীয়ে কয় যে আমি ৬০ দিনৰ আলোচনাৰ বাবে সাজু, কিন্তু আমেৰিকাই প্ৰথমে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব।

ইৰাণৰ তিনিটা মূল দাবী:

-সামৰিক কাৰ্যকলাপ আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ অন্ত পেলাব লাগিব আমেৰিকাই।
-ইৰাণৰ ওপৰত জাৰি কৰা সামুদ্ৰিক আৰু অৰ্থনৈতিক নিষেধাজ্ঞা উঠাই ল’ব লাগিব।
-বিদেশত থকা কোটি কোটি ডলাৰৰ ইৰাণৰ ধন মুকলি কৰা।

এই চুক্তি সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এক্সৰ ওপৰত এটা পোষ্টত লিখিছে যে, “আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে। ১৯ জুনত ছুইজাৰলেণ্ডত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ব এই চুক্তি।” শ্বেহবাজে কয়, “কূটনৈতিক পথ বাছি লোৱাৰ বাবে আমেৰিকা আৰু ইৰাণক ধন্যবাদ।”

শ্বেহবাজ শ্বৰীফে উল্লেখ কৰে যে, দীঘলীয়া আৰু নিবিড় আলোচনাৰ অন্তত আমেৰিকা আৰু ইৰাণে শান্তি চুক্তিত উপনীত হৈছে। দুয়োখন ৰাষ্ট্ৰই লেবাননকে ধৰি সকলো ফ্ৰণ্টতে সামৰিক কাৰ্যকলাপ তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰিবলৈ সন্মত হৈছে। ১৯ জুনত ছুইজাৰলেণ্ডত এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰা হ’ব বুলি ঘোষণা কৰে শ্বৰীফে। তেওঁ কূটনৈতিক পন্থা গ্ৰহণ কৰাৰ বাবে আমেৰিকা আৰু ইৰাণক ধন্যবাদ জনায়।

তেওঁ কাটাৰৰ নেতৃত্বক প্ৰশংসা কৰাৰ লগতে চুক্তিত উপনীত হোৱাত চৌদি আৰব আৰু তুৰস্কৰ নেতৃত্বক উল্লেখযোগ্য অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্বৰীফে কয় যে, মধ্যস্থতাকাৰীসকলে এতিয়া এই সপ্তাহত কেইবাখনো বৈঠক অনুষ্ঠিত কৰি চুক্তিখন কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুতি চলাব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.