আঞ্চলিক

প্ৰতিখন চহৰতে আফতাবৰ জন্ম হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰদ্ধা-আফতাবৰ প্ৰেম কাহিনীক লাভ জেহাদ আখ্যা দি কয় যে, ‘আফতাবে মুম্বাইৰ পৰা দিল্লীলৈ আনি শ্ৰদ্ধাক লাভ জেহাদৰ নামত ৩৫ টুকুৰা কাটি পেলালে। ইয়াৰ পিছত মৃতদেহটো ফ্ৰীজত ৰাখি আন ছোৱালীক ঘৰলৈ লৈ আহি থাকিল।’

চৰ্চাত দিল্লীৰ শ্ৰদ্ধাৰ নৃশংস হত্যাকাণ্ড। এই হত্যাকাণ্ডই যেন কঁপাই তুলিছিল ৰাজধানী চহৰ দিল্লীৰ লগতে সমগ্ৰ ৰাজ্য। সম্প্ৰতি এতিয়া সকলোৰে মুখে মুখে চৰ্চাত শ্ৰদ্ধা-আফতাবৰ প্ৰেম কাহিনীৰ লগতে হত্যাকাণ্ডৰ প্ৰসংগ। আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিব ধৰিছে আফতাবে হত্যা কৰা ন ন ভয়ংকৰ তথ্য। শেহতীয়াকৈ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰতো ওলাল শ্ৰদ্ধাৰ হত্যাৰ গোচৰৰ প্ৰসংগ।

He'll carry a bat and pad in…': Assam CM on Rahul Gandhi's election 'habit' - Hindustan Times

সমাগত গুজৰাটৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনক লৈ তৎপৰ হোৱাৰ সময়তে গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব গৈছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পিছে গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ সভাতো ওলাল শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ প্ৰসংগ। গুজৰাটত অনুষ্ঠিত নিৰ্বাচনৰ বৃহৎ সমাৱেশত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে শ্ৰদ্ধা-আফতাবৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে যে-‘২০২৪ চনত মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো অতি গুৰুত্বপূৰ্ণ।

যদিহে দেশত কোনো শক্তিশালী নেতা নাথাকে তেন্তে প্ৰতিখন চহৰতে আফতাবৰ জন্ম হ’ব আৰু সমাজখন নহ’ব সুৰক্ষিত।’ তদুপৰি ঘটনাটোক লাভ জেহাদ আখ্যা দি কয় যে, ‘আফতাবে মুম্বাইৰ পৰা দিল্লীলৈ আনি শ্ৰদ্ধাক লাভ জেহাদৰ নামত ৩৫ টুকুৰা কাটি পেলালে। ইয়াৰ পিছত মৃতদেহটো ফ্ৰীজত ৰাখি আন ছোৱালীক ঘৰলৈ লৈ আহি থাকিল।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.