আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনা

পেৰুত ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰা মাৰিবলৈ গৈ ৰাণৱেত অগ্নিনিৰ্বাপক বাহিনীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ বিমানৰ

পেৰুৰ ৰাজধানী লিমাৰ জৰ্জ চাভেজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা

শুকুৰবাৰে পেৰুত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাজধানী লিমাৰ জৰ্জ চাভেজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰা মাৰিবলৈ গৈ ৰাণৱেত অগ্নিনিৰ্বাপক বাহিনীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয় লাটাম এয়াৰলাইন্সৰ এখন বিমান। সংঘৰ্ষৰ ফলত বিমানখনত লগে লগে অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰামতে বিমান সকলো যাত্ৰী নিৰাপদে আছে। কিন্তু এই দুৰ্ঘটনাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীখনত থকা দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক নিহত হয়। এই ঘটনাৰ ভিডিঅ’ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ঘটনাৰ সৈতে জড়িত ভিডিঅ’টোত দেখা গৈছে যে বিপৰীত দিশৰ পৰা অহা যাত্ৰীবাহী বিমানখনে অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে বিমানখনৰ সোঁফালৰ ডেউকাত জুই লাগে আৰু ডাঠ ক’লা ধোঁৱা ছানি ধৰে। লগতে ভিডিঅ’টোত দেখা গৈছে যে ট্ৰাক চালকজনে বিমানখন নিজৰ ফালে অহা দেখি গাড়ীখন ওলোটা কৰিবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু দেৰি হৈছিল। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নম্বৰ হৈছে এল এ ২২১৩। ঘটনাৰ পিছত পাইলটে লগে লগে যাত্ৰীবাহী বিমানখন ৰখাই দিয়ে। ইয়াৰ পিছতে উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন সেৱাক স্থানলৈ প্ৰেৰণ কৰা হয়। পেৰুৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এখন ক্লিনিকত ২০ জন যাত্ৰীৰ চিকিৎসা চলি আছে আৰু দুজনৰ অৱস্থা সংকটজনক। বিমানখনত থকা কোনো যাত্ৰীৰ মৃত্যু হোৱা নাই। এই ক্ষেত্ৰত পেৰুৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোৱে অগ্নিনিৰ্বাপক বাহিনীৰ দুজন কৰ্মীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা টুইটযোগে তেওঁ আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button