অসমদুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত তিনিজন

দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত হোৱা দুজনক সংকটজনক অৱস্থাত মৰিগাওঁ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে

মৰিগাওঁ বঘৰাত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত হোৱা দুজনক সংকটজনক অৱস্থাত মৰিগাওঁ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা তিনিজন যুৱক ক্ৰমে মহিবুৰ ৰহমান, হাবিজুল ইছলাম, ছুৱোল আহমেদ। আৰু আহত হোৱা দুজন হল ঈশান আহমেদ আৰু ইক্ৰাম হুছেইন।

জানিব পৰা মতে, মৰিগাঁওৰ মিলন পুৰৰ পাচজনীয়া এই যুৱকৰ দলটোৱে জাগীৰোডৰ এজন আত্মীয়ৰ ঘৰৰ পৰা Birthday Party খাই মৰিগাওঁ অভিমুখে i-20 গাড়ীখনেৰে তীব্ৰ বেগে আহি থকা যুৱক কেইজনে বঘৰা পোৱাৰ লগে লগেই ৰাস্তাৰ কাষত থকা এজন মানুহৰ ঘৰৰ গেটত খুন্দা মাৰে আৰু গাড়ীখন চুৰ্ণ-বিচুৰ্ণ হোৱাৰ লগতে গাড়ীৰ ভিতৰত থকা এই যুৱক পাচজনৰ ভিতৰত তিনিজন থিতাতে নিহত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button