Covid-19অসমদিল্লীসংগীতসংস্কৃতি

পিছুৱাই দিয়া হ’ল নৰ্থ-ইষ্ট ফেষ্টিভেল

নৰ্থ-ইষ্ট ফেষ্টিভেল এতিয়া ৭ জানুৱাৰীৰ পৰাহে আৰম্ভ হ'ব

পিছুৱাই দিয়া হ’ল নৰ্থ-ইষ্ট ফেষ্টিভেল।

১ ডিচেম্বৰত দিল্লী চৰকাৰে অমিক্ৰণ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰকাশ কৰা SOP অনুসৰি ১৫ দিনৰ বাবে দিল্লীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, ৰাজনৈতিক ৰেলী বা এনে ধৰণৰ অনুষ্ঠান হ’ব নোৱাৰিব। সেই বাবে ডিচেম্বৰত ১০, ১১, ১২ এই তিনিদিনত দিল্লীত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ফেষ্টিভেল পিছুৱাই দিয়া হৈছে।

নৰ্থ-ইষ্ট ফেষ্টিভেল এতিয়া ৭ জানুৱাৰীৰ পৰাহে আৰম্ভ হ’ব। ১০, ১১, ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ’ব ৭, ৮ আৰু ৯ জানুৱাৰীত।

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব। এই ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-সংস্কৃতি, হস্তশিল্প-ফেশ্বনৰ প্ৰদৰ্শনীৰ অনুষ্ঠিত হোৱাৰ লগতে চৰকাৰৰ শীৰ্ষ পৰ্যায়ত আলোচনাও হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.