Social Networkঅসমদৈনিক বাতৰিবিশ্ব

গুগলে কৰিলে ভুল! দেখুৱাই দিলে অসমৰ যুৱকে। তাৰ পাছত ….

ঙাইগাঁৱৰ যুৱকে গুগলৰ ভুল শুধৰালে, মোটা ধনৰাশিৰে গুগলে কৰিলে পুৰস্কৃত!

বঙাইগাঁৱৰ যুৱকে গুগলৰ ভুল শুধৰালে। মোটা ধনৰাশিৰে গুগলে কৰিলে পুৰস্কৃত।

বঙাইগাঁৱৰ ৰণী দাস নামৰ এজন যুৱকে গুগলৰ এনড্ৰয়দ ১০ত কেইবাটাও আসোঁৱাহ উলিয়াই। যি আসোঁৱাহৰ বাবে যিকোনো ব্যক্তিৰ মোবাইল ফোনৰ কেমেৰা, মাইক্ৰফোন, স্থান, তথা বেংকৰ সবিশেষ চাইবাৰ অপৰাধীয়ে হেক কৰি সমগ্ৰ তথ্য চুৰি কৰিব পাৰিব।

চাইবাৰ সুৰক্ষা বিশেষজ্ঞ ৰণী দাসে প্ৰায় ছমাহ পূৰ্বে ছফটৱেৰ সংক্ৰান্তীয় কামৰ বাবে হেক কৰিছিল গুগলৰ চাৰ্ভাৰ। তেতিয়া প্ৰত্যক্ষ কৰিছিল গুগলৰ কেইবাটাও ক্ৰুটি। তাৰ পাছত যুৱকজনে চলিত বৰ্ষৰ মে’ মাহত গুগললৈ মেইল পঠিয়াই। গুগল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ যুৱকজনে দেখুৱাই দিয়া ত্ৰুটি সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা কৰে। অৱশ্যে গুগল কৰ্তৃপক্ষই Android 10ত এই ত্ৰুটিৰ সমাধান কৰিব পৰা নাযাব যদিও গুগলৰ পৰৱৰ্তী Android 11 আৰু Android 12 Versionতহে সমাধান কৰিব পৰা যাব বুলি মেইলযোগে জনায়। লগতে এই সহযোগিতাৰ বাবে গুগল কৰ্তৃপক্ষই ৰণী দাসক $৫০০ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৩,৭৮,২৪৫.৫০ টকা পুৰস্কাৰ হিচাবে প্ৰদান কৰাৰো ঘোষনা কৰে।

উল্লেখ্য যে, ৰণী দাসে কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰতিষ্ঠানৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল যদিও দীৰ্ঘদিন ধৰি চাইবাৰ সুৰক্ষাৰ বাবে বিভিন্ন কাম কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.