Assamঅসমদৈনিক বাতৰি

২৪ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস, চেভ ভৰলু অভিযানে জন্মলগ্নৰে পৰা বিশ্ব নদী দিৱস উদযাপন কৰি আহিছে…

২৪ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস। চেভ ভৰলু অভিযানে জন্মলগ্নৰে পৰা বিশ্ব নদী দিৱস উদযাপন কৰি আহিছে।

২৪ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস। চেভ ভৰলু অভিযানে জন্মলগ্নৰে পৰা বিশ্ব নদী দিৱস উদযাপন কৰি আহিছে। এইবেলি বিশ্ব নদী দিৱস উপলক্ষে চেভ ভৰলুৰ উদ্যোগত ভৰলু পুনৰুদ্ধাৰ সন্দৰ্ভত এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন, বিশিষ্ট নাগৰিক, অন্যান্য সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদে অংশ ল’বলগীয়া নাগৰিক সভা উদ্বোধন কৰিব বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডঃ অৱনী কুমাৰ ভাগৱতীয়ে।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা। এই কথা সদৰী কৰে চেভ ভৰলুৰ সভাপতি ডাঃ ৰবীন্দ্ৰ নাথ মজুমদাৰ আৰু সম্পাদক সত্যৰঞ্জন বৰুৱাই। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি চেভ ভৰলুৰ সভাপতি ডাঃ মজুমদাৰে কাৰ্যসূচীৰ সৱিশেষ বৰ্ণনা কৰাৰ লগে লগে বিশ্ব নদী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.