অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদৰ শীতকালীন অধিৱেশনৰ নৱম দিনত তীব্ৰ হুলস্থুল, সদনক অস্থিৰ কৰাৰ বাবে লোকসভাত নিলম্বন ১৪ সাংসদক

সংসদৰ শীতকালীন অধিৱেশনৰ নৱম দিনত তীব্ৰ হুলস্থুল

সংসদৰ নিৰাপত্তাহীনতাক লৈ বিৰোধী সদস্যৰ উত্তাল প্ৰতিবাদ

সংসদৰ উভয় সদনত বিৰোধীৰ প্ৰতিবাদত হুলস্থুলীয়া পৰিৱেশ

দিনজোৰা প্ৰতিবাদত কেইবাবাৰো স্থগিত সদনৰ কাৰ্যক্ৰমণিকা

সদনক অস্থিৰ কৰাৰ বাবে লোকসভাত নিলম্বন ১৪ সাংসদক

শীতকালীন অধিৱেশনৰ পৰাই নিলম্বন কৰা হয় ১৪ বিৰোধী সাংসদক

নিলম্বন কংগ্ৰেছৰ ৯ সাংসদ, CPI(M) আৰু DMKৰ দুজনকৈ সাংসদক

শীতকালীন অধিৱেশনৰ পৰাই নিলম্বিত CPIৰ সাংসদো

ৰাজ্যসভাতো হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি নিলম্বিত TMC সাংসদ ডেৰেক অ’ব্ৰায়েন

বৃহস্পতিবাৰে সংসদৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে লোকসভা আৰু ৰাজ্যসভাত বিৰোধী দলৰ সাংসদসকলে সংসদৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰতিবাদমুখৰ হৈ পৰে। বুধবাৰে সংসদৰ ভিতৰে-বাহিৰে অচিনাক্ত যুৱকে স্ম’ক বোমা ব্যৱহাৰ কৰি সৃষ্টি কৰিছিল আতংকময় পৰিস্থিতিৰ। ইয়াৰ পিছতেই অচল হৈ পৰিছিল সংসদৰ কাৰ্যক্ৰমণিকা। ২০০১ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিৰ দিনটোতেই সংসদৰ চাৰিতৰপীয়া নিৰাপত্তা ব্যৱস্থাক উদঙাই সদনৰ ভিতৰে-বাহিৰে চলা তাণ্ডৱৰ পিছত নিৰাপত্তা ব্যৱস্থাক লৈ সৰব হৈছিল বিৰোধী দলৰ সাংসদসকল।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 3 =

Back to top button