অপৰাধঅসম

প্ৰেমিকক খুন্দিয়াই কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ’ল তথাকথিত মডেল ৰাজকন্যা বৰুৱা…

প্ৰেমিক কৰণজ্যোতি সন্দিকৈক গাড়ীৰে মহতিয়াই নিছিল তথাকথিত মডেল ৰাজকন্যা বৰুৱাই।

প্ৰেমিকক খুন্দিয়াই গ্ৰেপ্তাৰ মডেল ৰাজকন্যা বৰুৱা। কাৰাগাৰত থকাৰ পিছতো পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা। ২০১৮ চনৰ দিছপুৰ থানাৰ CASE NO 747/2018 গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল ৰাজকন্যাক।

২০১৭ চনৰ ২৬ অক্টোবৰৰ নিশা ১২.৪৫ বজাত মহানগৰৰ ছয়মাইলত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। প্ৰেমিক কৰণজ্যোতি সন্দিকৈক গাড়ীৰে মহতিয়াই নিছিল তথাকথিত মডেল ৰাজকন্যা বৰুৱাই। যাৰ ফলত ডিঙিৰ হাড় ভাগি গৈছিল প্ৰেমিকৰ। আনকি ভৰিতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কৰণজ্যোতি সন্দিকৈ। আঘাতৰ বাবে ৯ মাহ সময় চিকিৎসাধীন হৈ আছিল যুৱকজন।

তাৰ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ১ অক্টোবৰৰ নিশা ১.৪৫ বজাত নিশাৰ মহানগৰত একেখন বিলাসী বাহন AS01 AG2194ৰে শ্ৰমিকক গাড়ীৰে খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল মডেল ৰাজকন্যাই। শ্ৰমিকক খুন্দিয়াই গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকী।

শুকুৰবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৰাজকন্যা বৰুৱাক। কাৰাগাৰত থকাৰ সময়তে ২০১৮ চনত দিছপুৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ কৰা হয় মডেল ৰাজকন্যাক। আজি সোধা-পোছাৰ বাবে CJM আদালতত হাজিৰ কৰোৱা হ’ল মডেল ৰাজকন্যাক।

অৱশ্যে, বহুকেইটা অপৰাধজনিত কাম কৰি গ্ৰেপ্তাৰ হোৱা ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − ten =

Back to top button