Socialদিল্লী

ষট পূজাৰ বাবে উজুটি খালে বিজেপিৰ মনোজ তিৱাৰীয়ে…

বিগত এসপ্তাহৰ পৰা দিল্লীত ষট পূজা উদযাপনৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি আহিছে মনোজ তিৱাৰীয়ে

প্ৰতিবাদমুখৰ দিল্লী। ৰাজধানী চহৰ দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ মনোজ তিৱাৰী। মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সমীপত ষট পূজা উদযাপনৰ নিষেধাজ্ঞাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ মনোজ তিৱাৰীৰ লগতে দলীয় কৰ্মীসকলে।

উল্লেখ্য যে, দিল্লীত ষট পূজা উদযাপনৰ বাবে কিছুদিন পূৰ্বে নিষেধাজ্ঞা জাৰি কৰে দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে। এই  নিষেধাজ্ঞাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ অভিমুখে মাৰ্চিং কৰি গৈ থকা সময়তে প্ৰতিবাদকাৰী দলটোক বাধা প্ৰদান কৰে আৰক্ষীয়ে। আনকি প্ৰতিবাদকাৰীৰ ওপৰত পানী হিলৈও নিক্ষেপ কৰিবলৈ উদ্যত হয় আৰক্ষী। আৰক্ষীৰ বেৰিকেডৰ ওপৰেদি পাৰ হৈ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ব্যৱহাৰ কৰা পানী হিলৈয়ে আঘাত কৰে মনোজ তিৱাৰীক।

ততাতৈয়াকৈ বিজেপিৰ সাংসদগৰাকীক লৈ যোৱা হয় সফদৰজুং হাস্পতাললৈ। বৰ্তমান সফদৰজুং হাস্পতালতে চিকিৎসাধীন হৈ আছে সাংসদগৰাকী।

ষট পূজাৰ বাবে উজুটি খালে বিজেপিৰ মনোজ তিৱাৰীয়ে...

উল্লেখ্য যে, বিগত এসপ্তাহৰ পৰা দিল্লীত ষট পূজা উদযাপনৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি আহিছে মনোজ তিৱাৰীয়ে। সোমবাৰে মনোজ তিৱাৰীয়ে কয় যে, ৰাজহুৱা স্থানত ক’ভিড প্ৰট’কল মানি ষট পূজা উদযাপনৰ বাবে অনুমতি প্ৰদান কৰিব লাগে অৰবিন্দ কেজৰিৱালে।

লগতে তেওঁ উল্লেখ কৰে, WHOৰ তথ্য অনুসৰি চকু, নাক আৰু মুখৰ জৰিয়তে সংক্ৰমিত হয় ক’ৰনা ভাইৰাছ। কিন্তু তাৰ পৰিৱৰ্তে ষট পূজাৰ ভক্তসকলে আঁঠুলৈকে বুৰা পানীত স্নান কৰে। তেনে ক্ষেত্ৰত নদী, পুখুৰীত স্নান কৰা ভক্তসকলৰ মাজত ভাইৰাছ সংক্ৰমণৰ কোনো ধৰণৰ সুবিধাই নাই।

অৱশ্যে, এই প্ৰতিবাদৰ পিছত দিল্লীৰ কেজৰিৱাল চৰকাৰে ষট পূজা উদযাপনৰ অনুমতি দিবনে নিদিয়ে সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 19 =

Back to top button