Social Network

কিশোৰসকলৰ সুৰক্ষাৰ বাবে ইনষ্টাগ্রামৰ নতুন Feature, কি আছে এই নতুন Featureত?

শীঘ্ৰেই ইনষ্টাগ্ৰামে মুকলি কৰিব অন্য এক সুবিধা। এই সুবিধাটো হ'ল 'take a break' সুবিধা। এই সুবিধাটোৰ উদ্দেশ্য হৈছে কিশোৰসকলক অত্যাধিক সামাজিক মাধ্যমৰ ব্যৱহাৰৰ পৰা বিৰতি ল'বলৈ উৎসাহিত কৰা।

জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামে কিশোৰসকলৰ সুবিধাৰ্থে শীঘ্ৰেই প্ৰৱৰ্তন কৰিব এক নতুন সুবিধা। কিশোৰসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যেই ইনষ্টাগ্ৰামৰ এই নতুন সুবিধা।

ইনষ্টাগ্ৰামে মুকলি কৰিব ‘nudge away’ Feature। এই সুবিধাৰ মূল লক্ষ্য হ’ল কিশোৰসকলক ক্ষতিকাৰক সমলৰ পৰা আঁতৰাই ৰখা। ইয়াৰ পৰিপ্ৰেক্ষিতত, ফেচবুকৰ উপ-সভাপতি নিক ক্লেগে কৈছিল যে এই নতুন সুবিধাই কিশোৰ-কিশোৰীসকলক ক্ষতিকাৰক বিষয়ৰ পৰা আঁতৰাই ৰাখিব। কিশোৰসকলৰ বিকাশ আৰু সুস্থতা ইনষ্টাগ্ৰামৰ নতুন সুবিধাৰ মূল লক্ষ্য।

শীঘ্ৰেই ইনষ্টাগ্ৰামে মুকলি কৰিব অন্য এক সুবিধা। এই সুবিধাটো হ’ল ‘take a break’ সুবিধা। এই সুবিধাটোৰ উদ্দেশ্য হৈছে কিশোৰসকলক অত্যাধিক সামাজিক মাধ্যমৰ ব্যৱহাৰৰ পৰা বিৰতি ল’বলৈ উৎসাহিত কৰা।

আনুষ্ঠানিকভাৱে কেতিয়া এই দুয়োটা সুবিধা কাৰ্যকৰী কৰা হ’ব সেয়া এতিয়াও ব্যক্ত কৰা নাই ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই। অৱশ্যে, এই নতুন সুবিধাই যে কিশোৰসকলক যথেষ্ট উপকৃত কৰিব সেয়া নিশ্চিত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.