অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকৰাজস্থান

আজি বিয়লিৰ ভাগত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম স্পষ্ট হোৱাৰ দিশে, বহু কেইজন দিগ্গজ নেতাৰ নাম সন্মুখলৈ আহিছে, কোন হ’ব তাকেই লৈ চৰ্চা এতিয়া….

ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজনৈতিক মহলত একপ্ৰকাৰ আশ্চৰ্যচকিত কৰি এতিয়া বিজেপি নেতৃত্ব ব্যস্ত ৰাজস্থানক লৈ। মঙলবাৰে বিয়লিৰ ভাগত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম স্পষ্ট হোৱাটো খাটাং। মুখ্যমন্ত্ৰীৰ দৌৰত কেইবাজনো দিগ্গজ নেতাৰ নাম সন্মুখলৈ আহিছে। কিন্তু ছত্তীশগড় আৰু মধ্যপ্ৰদেশত যিদৰে সম্পূৰ্ণ নতুন আৰু অখ্যাত মুখক প্ৰাধান্য দিলে ৰাজস্থানৰ ক্ষেত্ৰতো অনুৰূপ ঘটনাৰে পুনৰাবৃত্তি হ’ব বুলি ব্যাপক চৰ্চা লাভ কৰিছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাবে শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া, আগ্ৰাসী নেতা বাবা বালকনাথ, যুৱ নেত্ৰী দিয়া কুমাৰীকে ধৰি কেইবাগৰাকীও নেতা–নেত্ৰী। কিন্তু এইসকলৰ মাজৰ পৰা কাৰোবাক বাছনি কৰিব নে সম্পূৰ্ণ নতুন ব্যক্তি এজনক গুৰুদায়িত্ব দিব তাকে লৈ এতিয়া কৌতুহলৰ সৃষ্টি হৈছে। বিশেষকৈ ছত্তীশগড় আৰু মধ্যপ্ৰদেশত অতি সুনিপুণভাৱে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ পিছত সমগ্ৰ দেশৰ এতিয়া দৃষ্টি মঙলবাৰে বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব‍লগীয়া ৰাজস্থান বিজেপি বিধায়িনী দলৰ বৈঠকলৈ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.