অসম

বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

ৰাজ্যজুৰি শ্বহীদ সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন

ৰাজ্যজুৰি শ্বহীদ সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিকগৰাকীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিভিন্ন সামাজিক তথা সাংবাদিক সংগঠনে। পৰাগ কুমাৰ দাস অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিকগৰাকীৰ ত্যাগ আৰু অৰিহণা অনন্য।

‘বুধবাৰ’ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৮০ দশকতেই পৰাগ কুমাৰ দাসে ‘প্ৰান্তিক’ আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল।
১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ কুমাৰ দাসে
প্ৰথম অৱস্থাত পঞ্জাৱ নেশ্যনেল বেংকৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল। তাৰপাছত গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে পৰাগ কুমাৰ দাসে যোগদান কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.