অসম

নাহৰৰ দেশত ভাৰ্ছিটীৰ বতাহ, বিশ্ববিদ্যালয় সপ্তাহৰ আনুষ্ঠানিক মুকলি কৰিলে এম চি মেৰীকমে

৫২ সংখ্যক ভাৰ্ছিটী উইকৰ মুকলি অনুষ্ঠানত এক দীঘলীয়া ভাষণ দাঙি ধৰে মুখ্য অতিথি মেৰীকমে। ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত নিজৰ জীৱনৰ কঠোৰ সংগ্ৰামৰ কথা উল্লেখ কৰাৰ লগতে জীৱনত অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে সাহসেৰে যুঁজিবৰ বাবে মানসিকভাৱে সাজু হ'বলৈ কয় মেৰীকমে।

গীত-মাতেৰে মুখৰিত ডিব্ৰুগড় বিশ্ববিদ্যালয়। নাহৰৰ দেশত এতিয়া ভাৰ্ছিটীৰ বতাহজাক বলিছে। ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ বাবে সাজু হৈ উঠিছে সকলো। আজিৰে পৰা আৰম্ভ হ’ল ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ। বিশ্ববিদ্যালয় সপ্তাহৰ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত গৌৰৱ পদ্মবিভূষণ বঁটা বিজয়ী এম চি মেৰীকম। মেৰীকমে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ভাৰ্ছিটী উইকৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান জাহাজ আৰু বন্দৰ পৰিবহণৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিশ্ববিদ্যালয়ত উপস্থিত হয় এম চি মেৰীকম। এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কুচকাৱাজ প্ৰতিযোগিতাৰ। বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় এই কুচকাৱাজ প্ৰতিযোগিতাত।

৫২ সংখ্যক ভাৰ্ছিটী উইকৰ মুকলি অনুষ্ঠানত এক দীঘলীয়া ভাষণ দাঙি ধৰে মুখ্য অতিথি মেৰীকমে। ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত নিজৰ জীৱনৰ কঠোৰ সংগ্ৰামৰ কথা উল্লেখ কৰাৰ লগতে জীৱনত অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে সাহসেৰে যুঁজিবৰ বাবে মানসিকভাৱে সাজু হ’বলৈ কয় মেৰীকমে।

অনুষ্ঠানত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ভাৰতৰ ভিতৰতে এখন অন্যতম বিশ্ববিদ্যালয় হিচাপ প্ৰতিষ্ঠা কৰিবলৈ কাম কৰিবৰ বাবে শিক্ষাৰ্থী আৰু শিক্ষক সমাজক আহ্বান জনায়। ছয়বাৰৰ বিশ্ব চেম্পিয়ন, অলিম্পিক বিজয়ী, বক্সাৰ এম চি মেৰীকমৰ বিশ্ববিদ্যালয় আগমণত যথেষ্ট উপকৃত হয় ছাত্ৰসমাজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.