অসম

বিয়া নামিছে! এইবাৰ ফাগুনত যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু আচুৰ্য- মিনাক্ষী।

অভ্যৰ্থনাৰ বাবে দিয়া পেণ্ডেলে আৰু নিমন্ৰণী পত্ৰই দৃষ্টি কাঢ়িছে বহুতৰে।

সাজু হৈছে আচুৰ্য। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ কন্যা মিনাক্ষীক আনিবলৈ সাজু আচুৰ্য। ২৭ ফেব্ৰুৱাৰীত বিয়াত বহিব দুয়ো। এতিয়া সকলোৰে মুখে মুখে কেৱল কণ্ঠশিল্পী আচুৰ্যৰ বিবাহৰেই কথা। অহা ১৪ফাগুনত দেৰগাঁৱৰ জীয়ৰী মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই।

সৰুপথাৰ টেঙাহোলাৰ গোঁহাই গাঁৱৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ। আচুৰ্যৰ বিবাহক লৈ এতিয়া উখল মাখল সৰুপথাৰ ৰাইজ। ২মাৰ্চত আচুৰ্যৰ অভ্যৰ্থনা অনুষ্ঠান। অভ্যৰ্থনাৰ বাবে দিয়া পেণ্ডেলেৰ লগতে এতিয়া নিমন্ৰণী পত্ৰখনেও দৃষ্টি কাঢ়িছে বহুতৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 12 =

Back to top button