Socialঅসম
Trending

অশান্ত অসম-মিজোৰাম সীমান্ত, সীমা বিবাদে লৈছে নতুন মোৰ

লাইলাপুৰত মিজো দুৰ্বৃত্তই চলোৱা গুলীত বৰ্তমানলৈকে মৃত্যু ৬ জনকৈ আৰক্ষী জোৱানৰ লগতে এজন স্থানীয় লোকৰ

ক্ৰমাৎ জটিল হৈছে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি। অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত বৰ্তমানেও অব্যাহত অসম আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ সংঘৰ্ষ। লাইলাপুৰত মিজো দুৰ্বৃত্তই চলোৱা গুলীত বৰ্তমানলৈকে মৃত্যু ৬ জনকৈ আৰক্ষী জোৱানৰ লগতে এজন স্থানীয় লোকৰ।

সংঘৰ্ষত দুৰ্বৃত্তৰ গুলীত আহত হৈছে মুঠ ৬৫ জন অসম আৰক্ষীৰ জোৱান। গুৰুতৰভাৱে আহত ৪৫ জনক ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত।

উল্লেখযোগ্য যে, এই ঘটনাৰ পাছতে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৰামথাংগাৰ মাজত টুইটাৰত চলে তীব্ৰ বিতৰ্ক। টুইটাৰত প্ৰথমে অসম-মিজোৰাম সীমা বিবাদৰ বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টি আকৰ্ষণ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী যোৰামথাংগাই।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে  উত্থাপন কৰে মিজো বেদখলকাৰীৰ আক্ৰমণৰ প্ৰসংগ। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে মিজোৰামৰ মুখ্যমন্ত্ৰী যোৰামথাংগাৰ সৈতে বাৰ্তালাপ কৰাৰ কথা সদৰী কৰে। তেওঁ নিজেই আইজল ভ্ৰমণ কৰি সীমা বিবাদৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ সদিচ্ছা প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি চলা অসম-মিজোৰাম সীমান্তৰ বিবাদ শেষ হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − thirteen =

Back to top button