AssamEntertainmentFestivalঅসমআঞ্চলিকউৎসৱদৈনিক বাতৰি

বিনিময় প্ৰথাৰে উজলিব জোনবিলৰ পাৰ, ১৮ জানুৱাৰী পৰা তিনিদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত হ’ব জোনবিল মেলা

ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন দেখিবলৈ পোৱা যাব। জোনবিল মেলালৈ এইবাৰো পূৰ্বৰ দৰেই নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা ভাণ্ডাৰ লৈ দূৰ-দূৰণিৰ পাহাৰ-ভৈয়ামৰ পৰা তিৱা, খাছি, কাৰ্বি, বড়ো লোক সকলে সামগ্ৰী বেহাবলৈ আহিব।

পাহাৰ-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ মিলন তীৰ্থ ‘জোনবিল মেলা’। মৰিগাওঁ জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হ’ব এই মেলাখন। ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন দেখিবলৈ পোৱা যাব। জোনবিল মেলালৈ এইবাৰো পূৰ্বৰ দৰেই নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা ভাণ্ডাৰ লৈ দূৰ-দূৰণিৰ পাহাৰ-ভৈয়ামৰ পৰা তিৱা, খাছি, কাৰ্বি, বড়ো লোক সকলে সামগ্ৰী বেহাবলৈ আহিব।

১৯ জানুৱাৰীত কাহিলি পুৱাতে সম্পাদন হ’ব ঐতিহাসিক বিনিময় প্ৰথাৰ হাট। এই বিনিময় কাৰ্যসূচী উদ্বোধন কৰিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। অনুষ্ঠিত হ’ব জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজা সকলৰ বহু প্ৰতিক্ষিত ৰাজদৰবাৰ।

এই ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ৰাজদৰবাৰত তিৱা ৰজা সকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব অন্যান্য মন্ত্ৰী-বিধায়কৰ আৰু বিশিষ্ট ব্যক্তি । ২০ জানুৱাৰীত সামৰণি পৰিব এই জোনবিল মেলা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.