অসমআন্তঃৰাষ্ট্ৰীয়

সুদীৰ্ঘ ৩৮ বছৰ পিছত সন্ধান ওলাল ভাৰতীয় সেনা জোৱানৰ!

ছিয়াচেনৰ পুৰণি বাংকাৰত উদ্ধাৰ মৃতদেহ

সুদীৰ্ঘ ৩৮ বছৰ পিছত সন্ধান ওলাল ভাৰতীয় সেনা জোৱানৰ। ছিয়াচেনৰ এটা পুৰণি বাংকাৰত উদ্ধাৰ হয় সেনা জোৱান জনৰ মৃতদেহ। দেওবাৰে ৰাণিখেতৰ সৈনিক গোট কেন্দ্ৰই মৃতদেহটো কুমাউ ৰেজিমেণ্টৰ জোৱান চন্দ্ৰশেখৰ হাৰ্বুলাৰ বুলি চিনাক্ত কৰে।

১৯৮৪ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজ ‘অপাৰেচন মেঘদুত’ৰ বাবে প্ৰেৰণ কৰা হৈছিল জোৱান চন্দ্ৰশেখৰ হাৰ্বুলাক। আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল জোৱানজন।

 

উল্লেখ্য যে, ১৯৮৪ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজ ‘অপাৰেচন মেঘদুত’ৰ অন্যতম সেনানী আছিল চন্দ্ৰশেখৰ। টহলৰ সময়ত বৰফে পুতি পেলাইছিল কেইবাজনো জোৱানক। বাকীসকলৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল কুমাউ ৰেজিমেণ্টৰ জোৱান চন্দ্ৰশেখৰ।

 

সম্পূৰ্ণ সামাজিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব উত্তৰাখণ্ডৰ অলম’ৰাৰ হাণ্ডিৱানৰ বাসিন্দা সেনা জোৱান চন্দ্ৰশেখৰ হাৰ্বুলাৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.