Socialঅসমআঞ্চলিক

ৰাজ্যত পুনৰ কা আন্দোলন! পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ হুংকাৰ

১৭ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলজুৰি কা আন্দোলনৰ ঘোষণা কৰা হৈছে

ৰাজ্যত আকৌ হ’ব কা আন্দোলন৷ ২০১৯ত অসমত দেখা গৈছিল কা আন্দোলনৰ ভয়ংকৰ ৰূপ৷ জাগ্ৰত হৈছিল প্ৰত্যেকগৰাকী অসমীয়া৷ ৰাজপথ ৰাঙলী হৈছিল, কঁপি উঠিছিল৷ প্ৰথমাৱস্থাত এই আন্দোলনৰ নেতৃত্ব লৈছিল যুক্তিবাদী কটনিয়ানে৷

পৰৱৰ্তী সময়ত কটনিয়ানৰ সৈতে মিল হৈছিল আন আন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ৰাজপথৰ আন্দোলনত পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল৷

ক’ভিড আৰু মেট্ৰিক পৰীক্ষাৰ দোহাই দি আন্দোলনৰ বিষয়টোৰ কোনো সিদ্ধান্ত নোলোৱাকৈয়ে বন্ধ কৰি দিয়া হৈছিল কা আন্দোলন৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য আৰু শিল্পী জুবিন গাৰ্গে কা আন্দোলনটোক বিপথে পৰিচালিত কৰা বুলি সামাজিক মাধ্যমত প্ৰায়ে চৰ্চা চলা দেখা যায়৷ কটনিয়ানৰ হাতৰ পৰা আছুৰ হাতলৈ যোৱাৰ পাছতেই সময় নিৰ্ধাৰণ কৰি একপ্ৰকাৰ সাংস্কৃতিক অনুষ্ঠানলৈ পৰ্যবসিত হৈছিল কা আন্দোলন৷ সেই সময়ত ৰাজ্যৰ বিদ্বৎ মহলে আছুসহ ৩০ জনগোষ্ঠীয় সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টা সংগঠনক একত্ৰে কা আন্দোলন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল৷ সূত্ৰ অনুসৰি, আছুৰ তদানীন্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু সভাপতি দীপাংক নাথ সন্মত হৈছিল একত্ৰে কান্দোলনটো আগবঢ়াই নিয়াত৷

কা আন্দোলনৰ পটভূমিত জন্ম হ’ল দুটাকৈ নতুন ৰাজনৈতিক দলৰ৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আছু ত্যাগ কৰি জন্ম দিলে অসম জাতীয় পৰিষদৰ আৰু অখিল গগৈৰ নেতৃত্বত গঠন হ’ল ৰাইজৰ দল৷ কিন্তু, এই দুই কা বিৰোধী শক্তিক গ্ৰহণ নকৰিলে অসমীয়াই৷ তাৰ কাৰণ হিচাপে ক’ব পাৰি কা আন্দোলনৰ চূড়ান্ত ব্যৰ্থতা৷ পৰৱৰ্তী সময়ত ৰাজ্যত বিজেপিয়েই চৰকাৰ গঠন কৰে৷

সময়সলনি হ’ল, বৰ্তমান আকৌ হ’ব কা আন্দোলন! এতিয়া পুনৰ এইগৰাকী ছাত্ৰনেতাৰ নেতৃত্বতে কা আন্দোলনৰ উকমুকনি৷ নেছ’ৰ নেতৃত্বত ১৭ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলজুৰি কা আন্দোলনৰ ঘোষণা কৰা হৈছে৷ কিন্তু, এতিয়া লক্ষণীয় হ’ব যে প্ৰতাৰিত অসমীয়াই পুনৰ এইবাৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্ব মানি ল’বনে? এতিয়া অসমৰ যুৱ প্ৰজন্ম তথা জ্যেষ্ঠ নাগৰিকসকলে সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বৰ প্ৰতি মুকলিকৈয়ে অনাস্থা প্ৰকাশ কৰিছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 3 =

Back to top button