অসমআঞ্চলিক

ধেমাজিত আত্মাৰ আৰ্তনাদ!

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পেৰেড গাউণ্ডৰ স্মৃতিয়ে আজিও কন্দুৱাই ধেমাজিবাসীক

ধেমাজিত আত্মাৰ আৰ্তনাদ। ধেমাজিত কেঁচা তেজৰ চেকুঁৰাই আজিও প্ৰমাণ কৰে উগ্ৰপন্থীৰ বৰ্বৰতাৰ কাহিনী।

 

স্বাধীনতা দিৱস বুলিলেই আজিও গাৰ নোম শিয়ৰি উঠে ধেমাজি বাসীৰ।কাৰণ, ২০০৪ চনৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ উগ্ৰপন্থীৰ বৰ্বৰতাৰ বলি হ’ব লগা হৈছিল ১০গৰাকীকৈ নিষ্পাপ শিশুসহ ৩গৰাকী নিৰীহ মহিলাই। এই ঘটনাত জীৱনৰ বাবে পংগুত্ব হ’ব লগীয়া হৈছিল বহুতে। কোনো যদি সন্তানহাৰা হৈছিল, কোনো হৈছিল স্বামীহাৰা, পত্নীহাৰা। বহুতো শিশুৱে হেৰুৱাব লগীয়া হৈছিল পিতৃ-মাতৃক।

 

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পেৰেড গাউণ্ডৰ স্মৃতিয়ে আজিও কন্দুৱাই ধেমাজিবাসীক। আলফাই কৰা এই বোমা বিস্ফোৰণৰ বাবে আজিও বুকু কঁপি উঠে ধেমাজিবাসীৰ।

ঘটনাটোত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক সুঁৱৰি ১৬ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ শ্বহীদৰ স্মৃতিসৌধত উৎযাপন কৰা হয় ৰাজ্যিক শোক দিৱস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.