অপৰাধঅসম

NSCNএ অপহৰণ কৰি নিয়া ৩ যুৱকৰ চাৰি দিনে নাই সন্ধান!

মুকলি কৰি দিবলৈ নগা ভাষাত কাতৰ আহ্বান পত্নীৰ

চাৰি দিনে সন্ধান নাই অৰুণাচলৰ পৰা এন এছ চি এনে অপহৰণ কৰি নিয়া ৩ যুৱকৰ। টিংখাঙৰ হীৰেন কোঁ‌চৰ পৰিয়ালত হাহাকাৰ।

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেন কোঁ‌চৰ পৰিয়ালত এতিয়া হাহাকাৰ। স্বামীক মুকলি কৰি দিবলৈ নগা ভাষাতে কাতৰ আহ্বান জনালে পত্নীয়ে।

কোঁচে বিগত প্ৰায় ৫ বছৰ ধৰি অৰুণাচলৰ লংদিঙত জে চি বি চালক হিচাপে কাম কৰি আছিল। তেওঁৰ লগত নিজ ভাতৃও আছিল। অৱশ্যে ভাতৃ বৰ্তমান অৰুণাচলতে আছে। যোৱা ৩১ জানুৱাৰী নিশা ৭ বজাত পত্নীৰ সৈতে শেষ বাৰৰ বাৰ্তালাপ হৈছিল। তাৰ পাছৰে পৰা হীৰেনৰ সৈতে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 3 =

Back to top button