Socialঅসমজীৱনশৈলী

দাঁতেৰে গীটাৰ বজাই আন্তঃৰাষ্ট্ৰীয় সন্মান আজুৰিলে অসমীয়া যুৱকে

শুনিবলৈ আচহুৱা যেন লাগিলেও এতিয়া দাঁতেৰে গীটাৰ বজাই ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰে এজন যুৱকে

আপুনি বাৰু গীটাৰ বজাই ভাল পায়নে? অথবা কেতিয়াবা গীটাৰৰ সুমধুৰ শব্দত বিলীন হৈ পাইছেনে? নিশ্চয় পাইছে নহয় জানো। কিয়নো গীটাৰৰ শব্দ শুনি ভাল নোপোৱা মানুহ খুউব কমেই ওলাব। কিন্তু এই গীটাৰখন হাতেৰে নহয়, দাঁতেৰে বজোৱা ব্যক্তি আপুনি দেখিছেনে? শুনিবলৈ আচহুৱা যেন লাগিলেও এতিয়া দাঁতেৰে গীটাৰ বজাই ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰে এজন যুৱকে।

অসাধাৰণ প্ৰতিভাৰ অধিকাৰী দেৰগাঁৱৰ এজন যুৱক। দাঁতেৰে গীটাৰ বজাই দেৰগাঁৱৰ নীলোৎপল বৰাই আজুৰিলে ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপ। গোলাঘাটৰ নীলোৎপল বৰালৈ বাংলাদেশৰ নজৰুল একাডেমীয়ে আগবঢ়াইছে আন্তঃৰাষ্ট্ৰীয় বঁটা।

অসম্ভৱকো সম্ভৱ কৰি তুলিছে দেৰগাঁৱৰ ভিতৰুৱা দৈয়ঙ্গিয়া গাঁৱৰ নীলোৎপলে। নীলোৎপলে দাঁতেৰে গীটাৰ বজাই সৃষ্টি কৰিছে বিশ্ব অভিলেখ। আনহাতে, নীলোৎপলৰ পত্নি অনন্যা বৰাও পেদবাদিকা। ক’ভিডৰ সময়ত বৰ্তমান সাংস্কৃতিক অনুষ্ঠান বন্ধ যদিও ঘৰতে সাধনা কৰি আহিছে তেঁওলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.