লখিমপুৰত উত্তেজনাঃ মন্ত্ৰীৰ পুত্ৰৰ হাতত মৃত্যু প্ৰতিবাদী কৃষকৰ, কৃষকৰ ওপৰৰে চলাই নিলে চাৰিচকীয়া বাহন…
, সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছে যে, কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰই এজন কৃষকক গুলীয়াই হত্যা কৰে। আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্য়াৰ এক গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে কিষাণ মৰ্চাই।
এক হিংসাত্মক ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশ। প্ৰতিবাদী কৃষকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। অচিনাক্ত অস্ত্ৰধাৰী দলে কৃষকসকলক অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত মৃত্যুক সাৱটি লয় আঠজন লোকে।
দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেড়ীত সংঘটিত হয় এই ঘটনা। লখিমপুৰ ভ্ৰমণৰ বাবে আহিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যৰ আগমনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে একাংশ কৃষকে। কৃষকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰি থকাৰ সময়তে এটা অচিনাক্ত দলে অতৰ্কিতে আক্ৰমণ কৰে কৃষকসকলৰ ওপৰত। আনকি কৃষকসকললৈ নিক্ষেপ কৰি গুলীবৰ্ষণো কৰে অস্ত্ৰধাৰী দলটোৱে। কেৱল এয়াই নহয়, কৃষকসকলৰ ওপৰত চাৰিচকীয়া বাহন চলাই দিয়াৰ ফলত মৃত্যুক সাৱটি লয় কেইবাজনো কৃষকে। মৃত লোকসকলৰ ভিতৰত বিজেপিৰ কৰ্মীও আছিল বুলি জানিব পৰা গৈছে। ক্ষোভিত কৃষকে ঘটনাস্থলীতে জ্বলাই দিয়ে দুখন বাহন।
এই ঘটনাৰ পিছতে শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। শীঘ্ৰেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
जनपद लखीमपुर खीरी में घटित हुई घटना अत्यंत दुःखद एवं दुर्भाग्यपूर्ण है। @UPGovt इस घटना के कारणों की तह में जाएगी तथा घटना में शामिल तत्वों को बेनकाब करेगी व दोषियों के विरुद्ध सख्त कार्रवाई करेगी।
— Yogi Adityanath (@myogiadityanath) October 3, 2021
আনহাতে, সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছে যে, কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰই এজন কৃষকক গুলীয়াই হত্যা কৰে। আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্য়াৰ এক গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে কিষাণ মৰ্চাই।
অন্যহাতে, মন্ত্ৰী অজয় মিশ্ৰ টেনীয়ে কয় যে, উক্ত সময়ত সেই স্থানত উপস্থিত নাছিল তেওঁৰ পুত্ৰ।
অৱশ্যে, উত্তৰ প্ৰদেশৰ এই ঘটনাই যথেষ্ট উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত ঘটনাই কি ৰূপ ধাৰণ কৰে সেয়া হ’ব লক্ষণীয়।

