দিল্লীভাৰতৰাজনৈতিক

কংগ্ৰেছ যুৱনেতা ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ

ছোনিয়া গান্ধীলৈ EDৰ চমনৰ বিৰোধিতাৰে দিল্লীৰ ৰাজপথত প্ৰতিবাদ, প্ৰতিবাদৰ পৰাই ৰাহুল গান্ধীক আটক

কংগ্ৰেছ যুৱনেতা ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ

নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক আজি পুনৰ EDয়ে জেৰা কৰিব৷

ছোনিয়া গান্ধীলৈ EDৰ চমনৰ বিৰোধিতাৰে দিল্লীৰ ৰাজপথত প্ৰতিবাদ, প্ৰতিবাদৰ পৰাই ৰাহুল গান্ধীক আটক৷ ছোনিয়া গান্ধীক EDৰ চমনৰ বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে।

দিল্লীৰ বিজয় চ’কত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ নেতা–কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে ৰাহুল গান্ধীকো আটক কৰে।

আৰক্ষীয়ে আটক কৰিবলৈ অহাৰ সময়তে ৰাহুল গান্ধীয়ে মাটিত বহি পৰে। মাতৃৰ বিৰুদ্ধে EDৰ চমনৰ বিৰোধিতা কৰে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে, ‘মই কাৰোলৈ ভয় নকৰো। আমাৰ মুখ বন্ধ কৰা হৈছে।’কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই কয়, মোদী আৰু অমিত শ্বাহে বিৰোধীক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.