Socialদুৰ্ঘটনাভাৰত

ভাৰতীয় নৌ সেনাৰ ধ্বংসকাৰী জাহাজ ‘INS Ranvijay’ত অগ্নিকাণ্ড, আহত চাৰিজন নাবিক…

শনিবাৰে, বিয়লি ৫.৩০ বজাত সংঘটিত হয় এই ঘটনা। পৰৱৰ্তী সময়ত নৌ বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে পৰস্থিতি। অৱশ্যে জাহাজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাটো এয়া প্ৰথম ঘটনা নহয়।

ভাৰতীয় নৌ সেনাৰ জাহাজত অঘটন। শনিবাৰে ভাৰতীয় নৌ সেনাৰ ধ্বংসকাৰী জাহাজ INS Ranvijayত অগ্নিৰ সূত্ৰপাত হোৱাৰ লগতে জাহাজৰ ভিতৰতে বানপানীৰ সৃষ্টি হয়।

বিশাখাপট্টনম উপকূলত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত অগ্নিনিৰ্বাপক প্ৰক্ৰিয়াৰ সৈতে জড়িত চাৰিজন নাবিক গুৰুতৰভাৱে আহত হয়। নৌ অনুশীলনৰ পৰা উভতি আহি বিশাখাপট্টনমৰ বন্দৰত উপস্থিত হোৱাৰ পিছতেই INS Ranvijayত সংঘটিত হয় এই ঘটনা। অৱশ্যে, জাহাজখনত অগ্নিৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত।

শনিবাৰে, বিয়লি ৫.৩০ বজাত সংঘটিত হয় এই ঘটনা। পৰৱৰ্তী সময়ত নৌ বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে পৰস্থিতি। অৱশ্যে জাহাজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাটো এয়া প্ৰথম ঘটনা নহয়।

উল্লেখ্য যে, ধ্বংসকাৰী INS Ranvijay ভাৰতীয় নৌ সেনাৰ সৈতে সুদীৰ্ঘ বছৰ ধৰি জড়িত হৈ আছে। ১৯৮৮ চনৰ পৰা সক্ৰিয় হৈ আছে এই জাহাজখন। বহুকেইটা গুৰুত্বপূৰ্ণ অনুশীলনত ব্যৱহাৰ কৰা হৈছে এই জাহাজখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button