Socialঅপৰাধ

পুত্ৰৰ হাতত নিথৰ পিতৃ, কাঠৰ টুকুৰাৰে পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘাতক পুত্ৰই…

ইতিমধ্যে, ঘাতকৰূপী পত্নী হেলিমন নেছাক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷ এতিয়াও পলাতক অৱস্থাত আছে ফ ঘাতক পুত্ৰ জৰ আলী।

ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত সংঘটিত এক জঘন্য কাণ্ড। পত্নী-পুত্ৰৰ হত্যাৰ বলি হ’ল এজন দুৰ্ভগীয়া লোক। পত্নী-পুত্ৰৰ আক্ৰমণত নিহত মুন্নাফ আলী নামৰ লোকজন৷

নিহত মুন্নাফ আলীৰ ঘৰ গৰৈমাৰী সত্ৰ গাঁৱত। কাঠৰ টুকুৰাৰে পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘাতক পুত্ৰই ৷ পিতৃক হত্যা কৰাত সহায় কৰিছিল মাতৃয়ে। ঘাতক পুত্ৰক সংগ দিছিল মৃত মুন্নাফ আলীৰ পত্নী হেলিমন নেছাই৷

ইতিমধ্যে, ঘাতকৰূপী পত্নী হেলিমন নেছাক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷ এতিয়াও পলাতক অৱস্থাত আছে ফ ঘাতক পুত্ৰ জৰ আলী।

গৰৈমাৰী আৰক্ষীয়ে ঘাতক পুত্ৰ ফজৰ আলীক বিচাৰি অব্যাহত ৰাখিছে অভিযান ৷ অৱশ্যে কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব সত্য ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.