অসমআঞ্চলিকদৈনিক বাতৰি
গৰুখুটিৰ উচ্চেদৰ পাছত এইবাৰ লামডিং বনাঞ্চলৰ অবৈধ বেদখলকাৰীক উচ্চেদৰ নিৰ্দেশ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা দুদিনীয়াকৈ চলিব এই অভিযান
গৰুখুটিৰ উচ্চেদৰ পাছত এইবাৰ লামডিং বনাঞ্চলৰ অবৈধ বেদখলকাৰীক উচ্চেদৰ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা দুদিনীয়াকৈ চলিব এই অভিযান।
উচ্চেদক লৈ ইতিমধ্যে হোজাই জিলা প্ৰশাসনে সম্পূৰ্ণ যো-জা চলাইছে। প্ৰশাসনৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে লামডিং বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ৯০% লোক বনাঞ্চল এৰি হোজাইৰ নখুটি জাংজু বজাৰৰ ঘাইপথৰ কাষত শিৱিৰ পাতি অৱস্থান কৰিছেহি।
উচ্ছেদৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ পৰিছে লগতে প্ৰশাসনৰ নিৰ্দেশনা মানি লোকসকলে নিজে বনাঞ্চল এৰি অহাৰ বাবেও জিলা প্ৰশাসনে ধন্যবাদ জনাইছে।