ভাৰতমহাৰাষ্ট্ৰৰাজনৈতিক

মাজনিশা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ জামিন মঞ্জুৰ

উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে

উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল ৰাণে।

মঙলবাৰে দুপৰীয়া ৰত্নগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। সত্ৰ ন্যায়াধীশৰ এখন আদালতে তেওঁৰ আগতীয়া জামিনৰ আৱেদন নাকচ কৰাৰ পিছতে ৰত্নগিৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰায়গড় জিলাৰ মাহাদলৈ প্ৰেৰণ কৰিছিল  কেন্দ্ৰীয় মন্ত্ৰীজনক।

উল্লেখযোগ্য যে, মাহাদাত ৰুজু হোৱা এজাহাৰখন IPC ধাৰা ১৮৯, ৫০৪ আৰু ৫০৫ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল।

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ৰত্নগিৰি আদালতে তেওঁক পূৰ্বৰ জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু মঙলবাৰে মাজনিশাৰ কেইমিনিটমান পূৰ্বে এজন মহাদ দণ্ডাধীশে জামিন মঞ্জুৰ কৰে ৬৯ বছৰীয়া কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নাৰায়ণ ৰাণেক।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.