অসমআঞ্চলিকদৈনিক বাতৰি

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা

আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে অমৰ থাপাক

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। গোৱালপাৰাত আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপা। ৰংজুলি বেলপাৰাত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা । আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে অমৰ থাপাক।

দুৰ্ধৰ্ষ অপৰাধী অমৰ থাপাই আন কেইজনমান অপৰাধীৰ সহযোগত এক অপহৰণৰ পৰিকল্পনা কৰিছিল। গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় অপহৰণকাৰী দলৰ তিনিওগৰাকী সদস্য ক্ৰমে অমৰ থাপা, সমীৰণ ৰাভা, দ্বীপজ্যোতি ৰাভা।

গ্ৰেপ্তাৰ হোৱাৰ পাছত অপৰাধী অমৰ থাপাই পানী খোৱাৰ চলেৰে পলায়ন কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে অমৰ থাপাৰ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰে । বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত অমৰ থাপা।

উল্লেখযোগ্য যে, পূৰ্বেও অমৰ থাপাই বহু অপৰাধজনিত কাণ্ডৰ সৈতে জড়িত হৈ আছিল । অমৰ থাপাৰ পৰা আৰক্ষীয়ে তিনি জাঁই সজীৱ গুলীসহ এটা 9 mm পিষ্টল আৰু ৪০০টা নিচা জাতীয় টেবলেট জব্দ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − twelve =

Back to top button