অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ এখন ছবি…
'The Muse' শীৰ্ষক ছবিখন অহা ৩১ মে'ত অনলাইন যোগে প্ৰদৰ্শিত হ'ব।
![অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ এখন ছবি... অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ এখন ছবি...](https://prathamkhabartv.com/wp-content/uploads/2023/05/A.jpg)
এজন অসমীয়া যুৱকৰ সাফল্য। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমৰ ছবি।অসমৰ অংশুমান শইকীয়াৰ দ্ধাৰা পৰিচালিত ‘The Muse’নামৰ এখন চুটি ছবিয়ে ইৰাণৰ এই Norgs International Independent Film Festivalৰ চুটি ছবি শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে, চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শইকীয়া। গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ হোৱা ‘The Muse’ শীৰ্ষক ছবিখন অহা ৩১ মে’ত অনলাইন যোগে প্ৰদৰ্শিত হ’ব।