অৰ্থনৈতিকঅসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰি

মাইক্ৰ’ফাইনেন্সৰ ঋণ নিয়মীয়াকৈ ঘূৰাই দিয়াসকলে পাব ২৫ হাজাৰ টকা

ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি, কোনো লোকে ১ লাখ ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ ল'ব পাৰে

ঋণ লোৱাসকললৈ সুখবৰ। ঋণ লোৱাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। মঙলবাৰে, মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহৰ সৈতে চৰকাৰৰ MOU স্বাক্ষৰ।

এতিয়াৰ পৰা এগৰাকী মহিলাই তিনিটা বেংকৰ পৰা ল’ব পাৰিব ঋণ। ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি, কোনো লোকে ১ লাখ ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ ল’ব পাৰে।

নিয়মীয়াকৈ ঋণ ঘূৰাই দিয়াসকলক পুৰস্কাৰ প্ৰদানৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকলে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি আছে, সেইসকলক ২৫ হাজাৰ টকা দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আনকি, ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰতো মহিলাসকলক সহায় কৰিব চৰকাৰে।

MOU স্বাক্ষৰৰ অন্তত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.