Socialঅপৰাধঅসমআঞ্চলিক

৯ মাহে ৩০ জনতকৈও অধিক পুৰুষৰ ধৰ্ষণৰ বলি ১৫ বছৰীয়া কিশোৰী…

বুধবাৰে ভুক্তভোগীজনে আৰক্ষীৰ কাষ চপাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইতিমধ্যে দুৰ্ভগীয়া ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এক দৰ্ষম কাণ্ডই পুনৰ জোকাৰিছে সমগ্ৰ দেশ। দেশখনত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছে অপৰাধৰ আন এক শীতল ঘটনা। মহাৰাষ্ট্ৰৰ থানেৰ ডম্বিভলিত সংঘটিত হৈছে এই ঘটনা।

এগৰাকী ১৫ বছৰীয়া কিশোৰীক ন মাহৰ ভিতৰত ৩০ জনতকৈও অধিক পুৰুষে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে ৩০ জন পুৰুষক গ্ৰেপ্তাৰ কৰা হৈছে, তাৰে ২ জন কিশোৰ বুলি জানিব পৰা গৈছে।

জানুৱাৰীত সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনা। ছোৱালীজনীৰ বন্ধুৱে তাইক ধৰ্ষণ কৰি তাৰ চিত্ৰগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ভিডিঅ’ দেখুৱাই ছোৱালীজনীক ব্লেকমেইল কৰি আৰু বাৰে বাৰে ধৰ্ষণ কৰে লম্পট বন্ধুকেইজনে। আনকি বন্ধুবৰ্গৰ লগ লাগিও অভিযুক্তজনে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ছোৱালীজনীক।

আৰক্ষীয়ে দিয়া তথ্য় অনুসৰি ডম্বিভলিৰ বিভিন্ন স্থানত সেই পুৰুষৰ দলটোৱে নাবালক ছোৱালীজনীক বাৰে বাৰে ধৰ্ষণ কৰিছিল।

ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী আয়ুক্ত দত্তত্ৰয় কাৰালে কয়, “এই সকলোবোৰ তেতিয়া আৰম্ভ হৈছিল যেতিয়া ছোৱালীজনীৰ বন্ধুৱে চলিত বৰ্ষৰ জানুৱাৰীত তাইক ধৰ্ষণ কৰিছিল। কেমেৰাত বন্দী কৰা হৈছিল এই অপৰাধমূলক কাৰ্যৰ সমগ্ৰ। সেই ভিডিঅ’টোৰ আধাৰতেই ব্লেকমেইল কৰা হৈছিল ছোৱালীজনীক। পিছলৈ ছোৱালীজনীৰ বন্ধু বৰ্গ আৰু পৰিচিত সকলে জিলাখনৰ ডম্বিভিলি, বদলাপুৰ, মুৰবাদ আৰু ৰাবালেকে ধৰি বিভিন্ন স্থানত কমেও চাৰিৰ পৰা পাঁচবাৰ তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰে।”

বুধবাৰে ভুক্তভোগীজনে আৰক্ষীৰ কাষ চপাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইতিমধ্যে দুৰ্ভগীয়া ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button