অসম

অসমবাসীলৈ সুখবৰ, Filmfare Awardsৰ বাবে মনোনীত অসম সন্তান নিলোৎপল বৰাৰ নাম

TVFৰ হিন্দী ধাৰাবাহিক Aspirantত গীত পৰিৱেশন কৰা নিলোৎপল বৰা, Best Original Soundtrack শাখাত মনোনীত হৈছে।

এক ইতিবাচক খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান। সংগীতৰ মায়াজালেৰে সকলোকে মুহি বলিউডত খলকনি তুলিছে অসমৰ সু-সন্তান নিলোৎপল বৰাই।

অসমবাসীলৈ সুখবৰ, Filmfare Awardsৰ বাবে মনোনীত অসম সন্তান নিলোৎপল বৰাৰ নাম

বহুকেইটা হিন্দী, অসমীয়া গীতত কন্ঠ নিগৰোৱা গায়ক, সংগীত লেখক, সংগীত পৰিচালক নিলোৎপল বৰা মনোনীত হৈছে ২০২১ বৰ্ষৰ MyGlamm FilmFare OTT Awardsৰ বাবে। নিলোৎপল বৰাৰ লগতে মনোনীত ৰোহিত শৰ্মাৰ নাম।

অসমবাসীলৈ সুখবৰ, Filmfare Awardsৰ বাবে মনোনীত অসম সন্তান নিলোৎপল বৰাৰ নাম

TVFৰ ধাৰাবাহিক Aspirantsৰ জৰিয়তে সংগীতপ্ৰেমীক সুন্দৰ সুন্দৰ গীত উপহাৰ দিছিল  নিলোৎপল বৰাই। TVFৰ হিন্দী ধাৰাবাহিক Aspirantsত গীত পৰিৱেশন কৰা নিলোৎপল বৰাৰ নাম Filmfareৰ Best Original Soundtrack শাখাত মনোনীত হৈছে।

অসমবাসীলৈ সুখবৰ, Filmfare Awardsৰ বাবে মনোনীত অসম সন্তান নিলোৎপল বৰাৰ নাম

Filmfareৰ বাবে মনোনীত হোৱাৰ পিছত নিলোৎপল বৰাই নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে, “I am really very happy at the moment. Never dreamt of getting nominated for the Filmfare Awards. It still seems like a dream.”

অসমবাসীলৈ সুখবৰ, Filmfare Awardsৰ বাবে মনোনীত অসম সন্তান নিলোৎপল বৰাৰ নাম

অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি বুটলিবলৈ সক্ষম হোৱা নিলোৎপল বৰাক লৈ এতিয়া গৌৰৱান্বিত অসমবাসী। Filmfareৰ বাবে মনোনীত হোৱাৰ বাবে সকলোৱে তেওঁক এতিয়া শুভেচ্ছাৰে ওপচাই পেলাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 17 =

Back to top button