অসমআঞ্চলিকখেল

আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস

আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোত পালন কৰা হয় এই দিৱস। ১৯৮৪ চনৰ ৩ ছেপ্তেম্বৰৰ পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰে এই দিনটি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে।

 

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। বিশিষ্ট ক্ৰীড়াবিদজনৰ ওপজাদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ চানমাৰিটো পালন কৰা হয় এই দিৱস। চানমাৰি উৰণীয়া সেতুঁৰ পৰা নেহৰু ষ্টেডিয়ামলৈ আয়োজন কৰা হয় সমুহীয়া দৌৰৰ। য’ত অংশ লয় ত্ৰিপুৰাৰ বিশিষ্ট অলিম্পিয়ান দীপা কৰ্মকাৰে।

 

অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ জনতা ভৱনতো অনুষ্ঠিত কৰা হয় এক বিশেষ বৈঠক। এই বৈঠকৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ উপৰিও বৈঠকখনত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বহুকেইজন লোক।

 

এই বৈঠকতে অসমৰ আঠ গৰাকীকৈ খেলুৱৈক প্ৰদান কৰা হয় ক্ৰীয়া পে়ঞ্চন। চাৰি গৰাকী NCCক প্ৰদান কৰা হয় বীৰ চিলাৰায় বটাঁ। উক্ত অনুষ্ঠানটোতে কমনওৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক DSP নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে ৫০ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসমকন্যা হিমা দাস, ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাও উপস্থিত থাকে অনুষ্ঠানটিত।

 

বৰ্ণাধ্য কাৰ্যসূচীৰে মহানগৰীৰ নেহৰু ষ্টেডিয়ামতো উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 12 =

Back to top button