Covid-19অসমগুৱাহাটীভাৰতস্বাস্থ্য

দেশত বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা, অসমত আক্ৰান্তৰ সংখ্যা হ’লগৈ মুঠ ৯ গৰাকী

চিকিৎসাধীন আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ।

অসমত বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা। বৰ্তমান অসমত অমিক্ৰনত আক্ৰান্ত হৈছে মুঠ ৯ গৰাকী লোক। এতিয়ালৈকে তিনিওগৰাকী আক্ৰান্তই আৰোগ্য হৈ উঠিছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে।

চিকিৎসাধীন হৈ থকা আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আলতাভ হুছেইন। তেওঁ ইতিমধ্যে সুস্থ হৈ নিজ গৃহলৈ উভতিছে। আনহাতে চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন দাসৰো ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.