অসম

অসমৰ ভূমিত মেঘালয়ৰ চকু! অসম-মেঘালয় সংযোগী পথত দি গ’ল মেঘালয়ৰ চিহ্ন

মিজোৰামৰ পিছত অসমৰ ভুমিত মেঘালয়ৰ আগ্ৰাসন

মিজোৰামৰ পিছত অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন। বকোৰ গামেৰিমূৰাত সীমাৰেখা দিলে মেঘালয়ে।

অসমৰ ভূমিত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চকু। কিছুদিন আগত অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ সীমা বিবাদৰ বাবে অসমৰ ভুমিত মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ জোৱান। মিজোৰামে অসমৰ ভুমি দখল কৰা বিষয়ৰ বাবে হৈছিল উক্ত ঘটনা।

উল্লেখ্য যে, এইবাৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গামেৰীমুৰাৰ শালবাৰীত প্ৰায় ২ কি’লোমিটাৰ ভিতৰলৈ সোমাই আহিল চুবুৰীয়া ৰাজ্য মেঘালয়। অসম-মেঘালয় সংযোগী পথত দি গ’ল মেঘালয়ৰ চিহ্ন।

জানিব পৰা মতে চলিত মাহৰ ৫ আগষ্টত মেঘালয়ৰ এটা দলে আহি এই চিহ্ণ দি থৈ যায়।অসমৰ ভূমিত মেঘালয়ে চিহ্ন দিয়াৰ খবৰ পাই দেওঁবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সবিশেষ অসম আৰক্ষী আৰু স্থানীয় প্ৰশাসনক অৱগত কৰে। ইফালে মিজোৰাম আৰু অসমৰ সীমা কাণ্ডৰ উত্তেজনা মাৰ নাযাওঁতেই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এনে কাৰ্য্যত হতভম্ব হৈ পৰিছে সীমান্তবাসী ৰাইজ। এই সন্দৰ্ভত পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে অতিশীঘ্ৰে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনায় নিখিল ৰাভা ছাত্ৰ সন্থাই। ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে অসম মেঘালয় সীমান্তৰ সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাভা ছাত্ৰ সন্থাই।

ৰাভা ছাত্ৰ সন্থাই কয় যে সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখিন হব লাগিব সীমান্তবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button